spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকতৃণমূল কংগ্ৰেছত যোগদানৰ ইংগিত সাংসদ নৱ কুমাৰ শৰণীয়াৰ! গোসাইগাঁৱত ৰাইজৰ সৈতে মত-বিনিময়

তৃণমূল কংগ্ৰেছত যোগদানৰ ইংগিত সাংসদ নৱ কুমাৰ শৰণীয়াৰ! গোসাইগাঁৱত ৰাইজৰ সৈতে মত-বিনিময়

কোকৰাঝাৰঃ সমাগত উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া৷ বিশেষকৈ ২৮ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে৷ তেওঁ কয় যে, বিটিচিত জিএছপি, ইউ পি পি এলৰ আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ আছে যদিও উক্ত চৰকাৰখনে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰা নাই৷ ভিচিডিচি গঠনত জিএছপিৰ কৰ্মকৰ্তাসকলক প্ৰাধান্য দিয়া নাই বুলি উল্লেখ কৰি সকলো বিৰোধী ঐক্যবদ্ধ হৈ এজন বিধায়কক বিজয়ী কৰি আনিব পাৰিলে সমষ্টিৰ ক্ষীপ্ৰ উন্নয়ন হ’ব বুলি প্ৰকাশ কৰে৷

ইপিনে তেওঁ তৃণমূল কংগ্ৰেছত যোগদান অথবা মিত্ৰতা কৰাৰ ইংগিত দি কয় যে, মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী হ’লে অসমৰ উন্নয়ন হ’ব৷ বি পি এফ দলৰ সভাপতি হাগ্ৰামা সম্পৰ্কে কয় যে, হাগ্ৰামা মহিলাৰী বিজেপি দলত যোগদানৰ বাহিৰে অন্য পথ নাই৷

নহ’লে জে’ললৈ যাব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ গো-সুৰক্ষা আইনক লৈ সাংসদগৰাকীয়ে কয় যে, বিশ্বৰ অধিকাংশ লোকে গো-মাংস খায়, তেনে ক্ষেত্ৰত গো-সুৰক্ষাক লৈ আলোচনা কৰাতকৈ অসমৰ নিবনুৱাক সংস্থাপনৰ কথা আলোচনা কৰাটো ভাল হ’ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে৷ গোসাইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনাত গোসাইগাঁও সমষ্টিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular