Google search engine
25.9 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeক্ৰীড়াধোনী ক্লান্ত! কোন তাৰকাই ‘মাহী’ক দিলে বিশ্ৰামৰ পৰামৰ্শ?

ধোনী ক্লান্ত! কোন তাৰকাই ‘মাহী’ক দিলে বিশ্ৰামৰ পৰামৰ্শ?

নতুন দিল্লী : বিশ্ব ক্ৰিকেটৰ মহাতাৰকা ধোনীৰ এতিয়াৰ ফৰ্মক লৈ চিন্তিত হৈ পৰিছে অনুৰাগীসকল। ‘চেন্নাই ছুপাৰ কিংছ’ৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ দুৰ্দান্ত ফৰ্ম, বিধ্বংসী বেটিঙৰ আনন্দ পুনৰ লাভৰ বাবে অধীৰ অপেক্ষাৰত অনুৰাগীসকল হতাশ হ’বলগীয়া হৈছে বাৰে বাৰে। ৩৯বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় দলৰ পৰা অৱসৰ লোৱা ধোনীয়ে চলিত বৰ্ষৰ ৭ জুলাইত ৪০বছৰ বয়সত ভৰি দিব। দীৰ্ঘ সময়ধৰি খেলপথাৰৰপৰা আঁতৰি থকা খেলুৱৈগৰাকীয়ে আইপিএলত পুনৰ প্ৰত্যাৱৰ্তন কৰিছে যদিও তেওঁৰ পূৰ্বৰ জ্যোতি যেন এতিয়া ম্লান।

আৰু পঢ়িব পাৰিব: বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু : আটক ২জন

ধোনীৰ অধিনায়কত্বতেই ‘চেন্নাই ছুপাৰ কিংছ’-এ তিনিবাৰকৈ আইপিএলৰ খিতাপ জিকিবলৈ সক্ষম হৈছিল। কিন্তু বিগত আইপিএলত ধোনীৰ লগতে তেওঁৰ দলৰ প্ৰদৰ্শন আছিল অতি শোচনীয়। এইবাৰো দীঘলীয়া প্ৰত্যাশাৰ অন্তত ক্ৰীজত অৱতীৰ্ণ হোৱা ধোনীৰ বেটত ৰান নাই। ২০২০বৰ্ষৰ পৰাই ধোনীয়ে আশাপ্ৰদ প্ৰদৰ্শন কৰিব নাই। চলিত বৰ্ষতো চাৰিখন খেলত ধোনীৰ বেটৰ পৰা মাত্ৰ ১৮ৰানহে আহিছে। এনে পৰিস্থিতিৰ পাছতো কিন্তু ধোনীৰ সপক্ষে মাত মাতিছে বিশ্ব ক্ৰিকেটৰ এগৰাকী মহান তাৰকাই।

আৰু পঢ়িব পাৰিব: ভুৱা চিকিৎসকৰ নতুন মোৰ : মহানগৰীৰ এখন কেফেত বনোৱা হৈছিল ভুৱা চাৰ্টিফিকেট

ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ব্ৰায়ান লাৰাই ধোনীক বিশ্ৰাম লোৱাৰ পৰামৰ্শ দিছে যদিও তেওঁৰ ওপৰত আস্থা পোষণ নকৰাকৈ থকা নাই। লাৰাই কয় যে, ধোনীৰ নেতৃত্বত সন্দেহ নাই। দলটোৱে অনুপ্ৰেৰণা যোগাবপৰা খেলুৱৈ এজন পাইছে| ধোনীৰ ফৰ্মক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। দলটোৰ প্ৰদৰ্শন আশাপ্ৰদ। ধোনীয়ে বিশ্ৰাম ল’লেও দলটো সমস্যাৰ সন্মুখীন নহ’ব। কাৰণ, ধোনীৰ কৌশলী অধিনায়কৰ ভূমিকাই সতীৰ্থসকলক সহায় কৰিব|অৱশ্যে পৰৱৰ্তী খেলসমূহত ধোনীয়ে বিস্ফোৰক প্ৰদৰ্শনেৰে অনুৰাগীক ৰোমাঞ্চিত কৰিব বুলিও আশা প্ৰকাশ কৰে লাৰাই।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.9 ° C
25.9 °
25.9 °
93 %
2.9kmh
100 %
Thu
26 °
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular