spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeক্ৰীড়ামাহেন্দ্ৰক্ষণত উজলি উঠিল মাহী, ডুবাইৰ গেলেৰীত আৱেগঘন মুহূৰ্ত

মাহেন্দ্ৰক্ষণত উজলি উঠিল মাহী, ডুবাইৰ গেলেৰীত আৱেগঘন মুহূৰ্ত

নতুন দিল্লীঃ ডুবাইত চমক। এমএছডি কেৱল এটা নাম নহয়, এক ইমোশ্যন! ইংৰাজী বৰ্ণমালাৰ এই পাঁচোটা আখৰে আৱেগৰ আন এটা স্তৰ সৃষ্টি কৰে, কৰি আহিছে। ধোনীৰ বেটৰ পৰা এটা অ’ভাৰ বাইণ্ডেৰীৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই থাকে ক্ৰীড়ানুৰাগীয়ে। বেছি নালাগে এটা মাত্ৰ ছিক্সতে প্ৰশান্তি লাভ কৰে অনুৰাগীয়ে। দেওবাৰে পুনৰ এই কথাকেই প্ৰতিপন্ন কৰিলে ভাৰতীয় ক্ৰিকেটৰ যুগদ্ৰষ্টা মহেন্দ্ৰ সিং ধোনীয়ে। মহেন্দ্ৰ সিং ধোনীয়ে এটা বাউণ্ডেৰীৰে চেন্নাই ছুপাৰ কিংছক আই পি এল ফাইনেললৈ লৈ যোৱাৰ সেই মাহেন্দ্ৰক্ষণতে পোহৰলৈ আহে এক আৱেগঘন মুহূৰ্ত।

ডুবাইৰ গেলেৰীত দুটা শিশুক কান্দি থকা অৱস্থাত দেখা গৈছিল। এগৰাকী মহিলাই শিশুদুটিক সাবটি ধৰিছিল,শান্তনা দিছিল।সম্ভৱতঃ সেই মহিলাগৰাকী শিশু দুটিৰ মাতৃ। উল্লেখ্য যে, আৰম্ভণিৰ পৰাই মজবুট স্থিতিত থকা চেন্নাইয়ে খেলৰ মধ্যান্তৰত হেৰুৱাই পেলাইছিল ছন্দ। কেইটিমান মুহুৰ্তৰ ভিতৰতে ৩টাকৈ উইকেট হেৰুৱাই হৈ পৰিছিল নিশকতীয়া! তাৰ পাছতে খেলপথাৰত প্ৰৱেশ কৰে অধিনায়ক ধোনীয়ে।পূৰ্বৰ মন্থৰ বেটিঙৰ ধাৰাবাহিকতাৰ বিপৰীতে ডুবাইত প্ৰকাশ পালে ধোনীৰ অতীত সৌৰ্য্য। অ’ভাৰ বাইণ্ডেৰী আৰু বাউণ্ডেৰীৰে দলটোক বিজয়ী পথলৈ অগ্ৰসৰ কৰা ধোনীৰ বেটিং পৰাক্ৰম দেখি আৱেগৰ চকুলো বৈ যায় দুটি শিশুৰ।

হুকহুকাই কান্দি উঠা শিশু দুটিক নিৰাশ কৰা নাছিল মহাতাৰকা গৰাকীয়ে। ঘটনাৰ সম্ভেদ পোৱাৰ পাছতে খেলখনত ব্যৱহাৰ হোৱা বলটো গেলেৰীলৈ দলিয়াই দিয়ে ধোনীয়ে। খেলখনৰ অন্তত সুনীল গাভাস্কাৰে চিএছকেৰ অনুভূতিৰ ওপৰত আলোকপাত কৰি কয়, ‘চেন্নাইৰ অনুৰাগীসকল সদায় এনেকুৱাই। তেওঁলোকৰ বাবে চিএছকে কেৱল এটা দল নহয়, এটা পৰিয়াল, এক আবেগ।’ উল্লেখ্য যে, প্ৰথম কোৱালিফায়াৰত বিজয়ী চেন্নাইয়ে ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল। ইফালে আজি আৰচিবিৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ। এলিমিনেটৰ খেলত বিজয়ী দলে ফাইনেলত প্ৰৱেশ নিশ্চিত কৰিবলৈ যুঁজ দিব লাগিব দিল্লী কেপিটেলছৰ সৈতে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular