spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeক্ৰীড়াচেন্নাইৰ হৈ নেখেলে মাহীয়ে, এইবাৰ কোন দলত ধোনী ?

চেন্নাইৰ হৈ নেখেলে মাহীয়ে, এইবাৰ কোন দলত ধোনী ?

নতুন দিল্লীঃ আইপিএলৰ পৰা বিদায় ল’ব বিচাৰিছে ধোনীয়ে। কি হ’ব ধোনী বিহীন চেন্নাইৰ? কোনে চম্ভালিব ধোনীবিহীন চেন্নাইৰ ভাৰ? ভাৰতীয় ক্ৰিকেটৰ যুগনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আৰু আইপিএলত চেন্নাইৰ হৈ খেলিব বিচৰা নাই। ৪বাৰৰ আইপিএল বিজয়ী অধিনায়কজনে আন এটা দললৈহে যাব বিচাৰে নেকি? তাকে লৈ ক্ৰিকেট এৰিনাত আৰম্ভ হৈছিল অন্তহীন জল্পনা-কল্পনাৰ। অৱশ্যে, চেন্নাইৰ বাহিৰে অন্য দলত ধোনীয়ে যোগদান কৰিব নে নাই সেইবিষয়ে ধোনী বা চেন্নাই ছুপাৰ কিংছে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই। উল্লেখ্য যে, ক্ৰিকেট ৱেবছাইটৰ এক প্ৰতিবেদন অনুসৰি, চেন্নাইৰ মূল একাদশৰ তালিকাত স্থান পোৱা ৪জন ক্ৰিকেটাৰৰ ভিতৰত ধোনী শীৰ্ষ স্থানত আছে।

কিন্তু, ধোনীয়ে নিজেই আন ক্ৰিকেটাৰসকলৰ স্থান দখল কৰি ৰাখিব বিচৰা নাই। কাৰণ, ফ্ৰেঞ্চাইজী বজাই ৰখা প্ৰথমগৰাকী ক্ৰিকেটাৰক ১৬ কোটি টকা পৰিশোধ কৰে দলীয় কৰ্তৃপক্ষই। পৰৱৰ্তী ৩জন ক্ৰিকেটাৰৰ বাবে ক্ৰমান্বয়ে ১২, ৮ আৰু ৬ কোটি টকা পৰিশোধ কৰিব লাগে টীম মেনেজমেণ্টে। সেইবাবে ধোনীয়ে তেওঁৰ পৰিৱৰ্তে আন এগৰাকী যোগ্য ক্ৰিকেটাৰে দলত স্থান পোৱাটো বিচাৰিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, চেন্নাইয়ে ধোনীৰ উপৰি অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আৰু অপেনাৰ ঋতুৰাজ গায়কৱাড়ক দলত ৰাখিব বিচাৰিছে। চতুৰ্থ স্থানত এজন বিদেশী ক্ৰিকেটাৰক স্থান দিয়াৰ চলিছে কুচকাৱাজ। মইন আলী আৰু ছেম কৰনৰ যিকোনো এজনে চতুৰ্থ স্থান লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular