spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াহাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, ‘ট্ৰাইটেণ্ড’হোটেলত সুৰামত্ত ক্ৰিকেটাৰৰ যৌনবিহাৰ…

হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, ‘ট্ৰাইটেণ্ড’হোটেলত সুৰামত্ত ক্ৰিকেটাৰৰ যৌনবিহাৰ…

নতুন দিল্লীঃ বিৰাট কোহলীৰ কণমানী কন্যাক ধৰ্ষণৰ ভাবুকি দি গ্ৰেপ্তাৰ হৈছিল অভিযন্তা। এইবাৰ বিৰাট কোহলী নহয়, হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ ভাবুকি। দাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ সহযোগী ৰিয়াজ ভাটি। তেওঁৰ পত্নী ৰেহনুমা ভাটিয়ে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। মুম্বাই আৰক্ষী চকীত স্বামীৰ বিৰুদ্ধে ৰেহনুমাই এজাহাৰ দাখিল কৰিছে। তেওঁৰ স্বামীৰ লগতে দেশৰ আগশাৰীৰ প্ৰভাৱশালী ব্যক্তিৰ নামো সাঙোৰ খাই পৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া, প্ৰাক্তন পেচাৰ মুনাফ পেটেল আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাত বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ শুক্লাৰ বিৰুদ্ধেও ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে, এই সন্দৰ্ভত তেওঁলোকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

ৰেহনুমাৰ আবেদনৰ সপক্ষে কোনো প্ৰামাণিক তথ্য নাই বুলিও সদৰী কৰিছে আৰক্ষীয়ে। ইফালে আৰক্ষীয়ে অভিযোগকাৰীৰ দাবীসমূহ গ্ৰহণ কৰিবলৈ অনিচ্ছুক বুলিও সদৰী কৰিছে ৰেহনুমাই। ‘দ্যা প্ৰিণ্ট’ নামৰ আলোচনীখনক দিয়া এক সাক্ষাত্‍কাৰত তেওঁ কয়, ‘মই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ চেষ্টা কৰি আছো, কিন্তু তেওঁলোকে সহযোগ কৰা নাই। ছেপ্টেম্বৰ মাহতে আবেদন কৰিছিলো, এতিয়া নৱেম্বৰ মাহ চলি আছে। মই এই সন্দৰ্ভত বিভিন্ন স্তৰৰ আৰক্ষী কৰ্তৃপক্ষৰ সৈতেও কথা পাতিছো। তেওঁলোকে মোক উৎকোচ লবলৈ প্ৰস্তাৱ দিছে। কিন্তু মই কিয় দুৰ্নীতিত লিপ্ত হ’ম? মই মোৰ ঠাইত ঠিকেই আছোঁ। তেওঁলোক হে সন্ত্ৰাস বৃদ্ধি কৰিছে।’ এই সন্দৰ্ভত সহকাৰী আৰক্ষী আয়ুক্ত মঞ্জুনাথ সিঙক সোধাত তেওঁ কয়, ‘আমাৰ ওচৰত এটা আপীল আছে। কিন্তু এই মুহূৰ্তত বৰ্ণনা কৰিব পৰাকৈ আমাৰ হাতত কোনো প্ৰামাণিক তথ্য নাই।’

ইফালে, সমিত ঠাক্কৰ নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ৰেহনুমা ভাটিৰ আবেদনৰ প্ৰতিলিপি ফটো তুলি টুইটাৰত পোষ্ট কৰিছে। ভুক্তভোগীয়ে ২৪ ছেপ্টেম্বৰত দাখিল কৰা আৱেদনত তেওঁৰ স্বামী ৰিয়াজ ভাটি, ব্যৱসায়ী পৃথ্বীৰাজ কোঠাৰী, হাৰ্দিক পাণ্ডিয়া, মুনাফ পেটেল আৰু কংগ্ৰেছ নেতা তথা বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষ ৰাজীৱ শুক্লাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা কথাবোৰ জলজল-পটপটকৈ দেখা গৈছে। অভিযোগ অনুসৰি, ৰিয়াজ ভাটিয়ে তেওঁৰ বিধবা মাতৃক ভাবুকি দি ১৫ বছৰ বয়সতে ৰেহনুমাক বিয়া কৰাইছিল। বিবাহৰ পাছত নিয়মীয়া অত্যাচাৰৰ বলী হৈছিল ৰেহনুমা। ৰিয়াজৰ ব্যৱসায়ী সতীৰ্থৰ সৈতে ভ্ৰমণলৈ পঠিওৱা হৈছিল ৰেহনুমাক। যৌন সম্ভোগৰ বাবে বাধ্য কৰা হৈছিল ৰেহনুমাক। ভুক্তভোগীয়ে লগতে কয়, ২০১১ চনৰ বিশ্বকাপ বিজয়ী মুনাফ পেটেলৰ সৈতে এখন হোটেলত নিশাটো কটাবলৈ বাধ্য হৈছিল তেওঁ। আৰু ২০১৪-১৫বৰ্ষত, ‘ট্ৰাইটেণ্ড’ নামৰ এখন হোটেলত হাৰ্দিক পাণ্ডিয়াৰ সৈতে নিশাটো কটাবলৈ বাধ্য কৰোৱা হৈছিল ৰেহনুমাক। সুৰাসক্ত অৱস্থাত পাণ্ডিয়াই তেওঁৰ দুজন সতীৰ্থৰ সৈতে ৰেহনুমাক যৌন নিৰ্যাতন কৰিছিল বুলিও অভিযোগ ভুক্তভোগীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular