Google search engine
32 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকঅবৈধ প্ৰেমৰ পৰিণতি : হত্যাকাণ্ডৰ বলি হ'ল বিশিষ্ট ব্যৱসায়ী হৰিপদ তালুকদাৰ

অবৈধ প্ৰেমৰ পৰিণতি : হত্যাকাণ্ডৰ বলি হ’ল বিশিষ্ট ব্যৱসায়ী হৰিপদ তালুকদাৰ

বৰপেটা : এক ৰহস্যজনক হত্যাকাণ্ডই জোকাৰিছে বৰপেটা জিলাৰ সৰ্থেবাৰী । সৰ্থেবাৰীৰ কাৰাকুছিত নিশা সংঘটিত হৈছে এই ৰহস্যজনক হত্যাকাণ্ড । হত্যাকাণ্ডৰ বলি হ’ল এগৰাকী বিশিষ্ট ব্যৱসায়ী হৰিপদ তালুকদাৰ । অবৈধ প্ৰেমৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷ অবৈধ প্ৰেমিকৰে মিলি পত্নী উৰ্মি তালুকদাৰে হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ । মূৰত চোকা অস্ত্ৰৰে হানি হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ ।

আৰু পঢ়িব পাৰিবনুনমাটি হাইস্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হৰিপদ তালুকদাৰে পত্নীৰ লগত অবৈধ প্ৰেম সম্পৰ্কত ধীৰাজ ভূঞা নামৰ যুৱক এজনৰ বিৰুদ্ধে দাখিল কৰিছিল গোচৰ । অভিযোগ মতে, পত্নীৰ লগত পৰকীয়া প্ৰেমৰ নাটক ৰচনা কৰি হৰিপদ তালুকদাৰৰ বহুলাখ টকা আৰু সোণ ৰূপৰ গহণা আত্মসাৎ কৰিছিল ধীৰাজ ভূঞাই । এই ঘটনাক লৈ কিছুদিনৰ পৰা চলি আছিল পাৰিবাৰিক সংঘাত ।

আৰু পঢ়িব পাৰিবকোকৰাঝাৰৰ ৰিফু সংৰক্ষিত বনাঞ্চলত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

পাৰিবাৰিক সংঘাতৰ ফলতেই এই জঘন্য কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে । এই ঘটনা সম্পৰ্কত সৰ্থেবাৰী আৰক্ষীয়ে সোধাপোচাৰ বাবে আটক কৰিছে হৰিপদৰ পত্নী উৰ্মি তালুকদাৰক । এতিয়ালৈকে আৰক্ষীৰ ওচৰত মুখ খোলা নাই পত্নী উৰ্মি তালুকদাৰে । আৰক্ষীৰ তদন্তৰ পাছতহে ওলাই পৰিব এয়া হত্যাকাণ্ড নে আন কিবা। এই ঘটনাক লৈ সৰ্থেবাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

RELATED ARTICLES

Today's Weather

Guwahati
haze
32 ° C
34.4 °
32 °
70 %
0kmh
75 %
Thu
32 °
Fri
31 °
Sat
28 °
Sun
30 °
Mon
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular