spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeআঞ্চলিকতীৰ খেলেই হ'ল কাল ! কেনেকৈ হত্যাৰ বলি হ’ল বিশাল?

তীৰ খেলেই হ’ল কাল ! কেনেকৈ হত্যাৰ বলি হ’ল বিশাল?

ডিজিটেল ডেস্ক: কিমান ভয়ংকৰ হ’ব পাৰে এটি খেল৷ যি খেলে কাঢ়ি নিব পাৰে এটি জীৱন৷ তেনেকুৱাই এটা মাৰাত্মক খেল খেলি হত্যাৰ বলি হয় এজন যুৱক৷ বুধবাৰে নিশা মহানগৰীত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো৷

মহানগৰীৰ ভঙাগড় নেমকেয়াৰ হাস্পতালৰ সমীপত হোৱা হত্যাকাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ বিশাল ৰয় নামৰ এজন যুৱকক হানি-খুচি হত্যা কৰে দুৰ্বৃত্তই। দোকান দি পৰিয়াল পোহপাল দিয়া বিশালৰ মৃত্যুৰ পাছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল৷ অভিযোগ অনুসৰি, কেইটামান টকাৰ বাবেই হত্যা কৰাৰ সন্দেহ বিকাশৰ পৰিয়ালৰ। তাৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অনুসন্ধানত পোহৰলৈ আহে সমগ্ৰ ঘটনা৷

প্ৰাপ্ত তথ্য অনুসৰি, তীৰ খেলৰ বাবেই হত্যাৰ বলি হৈছিল বিশাল৷ বিশাল ৰয়ক হানি-খুচি হত্যা কৰিছিল ৩জন লোকে৷ ইতিমধ্যেই ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আটক কৰা হৈছে ১৫ জন লোকক৷ হত্যাকাণ্ডৰ অভিযোগত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ভঙাগড় আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে ক্ৰমে, ছাইদুল ৰহমান, হজৰত আলী আৰু নুৰ আলম৷ জানিব পৰা মতে, ছাইদুলে তীৰৰ নম্বৰ ক্ৰয় কৰিছিল মৃত বিশাল ৰয়ৰ পৰা৷ তীৰ খেলত ৭ হাজাৰ ৫০০ টকা জিকিছিল ছাইদুলে৷ সেই টকা নিদিয়াৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ৷ আৰক্ষীয়ে তিনিওজনকে জেৰা অব্যাহত ৰাখিছে ভঙাগড় থানাত৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular