Google search engine
27 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিকহত্যা নে আন কিবা : মহানগৰীত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

হত্যা নে আন কিবা : মহানগৰীত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

গুৱাহাটী : মহানগৰীৰ মালিগাঁৱত চাঞ্চল্যকৰ ঘটনা৷ বৃহস্পতিবাৰে মাজনিশা পাণ্ডু কেবিন অঞ্চলত উদ্ধাৰ হয় এজন ব্যক্তিৰ মৃতদেহ৷ মৃত ব্যক্তিজনৰ নাম জয় গোপাল মণ্ডল বুলি জানিব পৰা গৈছে৷ মৃত জয় গোপাল মণ্ডল পেছাত এজন মিস্ত্ৰী ৷

তেওঁৰ ঘৰ হোজাইত৷ ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী থানাৰ এটা দল৷ আৰক্ষীৰ দলটোৱে মৃতদেহটো চমজি লৈ তদন্ত আৰম্ভ কৰিছে৷ এইয়া হত্যা নে আন কিবা সেইয়া বৰ্তমানলৈকে নিশ্চিত হোৱা নাই৷ ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিবলৈ আৰক্ষীয়ে ব্যক্তিজনৰ তিনিজন বন্ধুক আটক কৰিছে৷ আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷ ৰে’ল লাইনৰ সমীপৰ এটা মন্দিৰৰ কাষত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰক লৈ‌ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্যৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
89 %
1.5kmh
75 %
Tue
28 °
Wed
32 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular