spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeআঞ্চলিকপ্ৰেম প্ৰত্যাখ্যান যুৱতীৰ, হাতত দা লৈ ৰাজপথত প্ৰেমিকৰূপী ঘাতক, তাৰ পাছত?

প্ৰেম প্ৰত্যাখ্যান যুৱতীৰ, হাতত দা লৈ ৰাজপথত প্ৰেমিকৰূপী ঘাতক, তাৰ পাছত?

ডিজিটেল ডেস্ক : প্ৰেমে কাৰোবাৰ জীৱনলৈ নমাই আনে অনাবিল আনন্দ আৰু আন কাৰোবাৰ জীৱনলৈ নমাই আনে বিভীষিকা! প্ৰেমৰ নামতেই মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা! প্ৰেমৰ সম্পৰ্ক ছেদ কৰাৰ বাবেই প্ৰেমিকাক দাৰে ঘপিয়াই হত্যাৰ অপচেষ্টা চলাই আৰক্ষীৰ জালত পৰিছে এজন ভণ্ড প্ৰেমিক। গুৱাহাটীৰ জু-ৰোডস্থিত ‘গুৱাহাটী চেণ্ট্ৰেল মল’ৰ সন্মুখত সংঘটিত হয় এই অমানৱীয় ঘটনা। গীতানগৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ভণ্ড প্ৰেমিকজনক। ধৃত প্ৰেমিকজন হৈছে নাৰেংগীৰ পাথৰকুঁৱেৰীৰ হিমাদ্ৰী বৰুৱা।

ধৃত হিমাদ্ৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন প্ৰকাণ্ড দা। জু-ৰোডৰ গুৱাহাটী চেণ্ট্ৰেল মলত কাম কৰা এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল হিমাদ্ৰী বৰুৱাৰ। যুৱতীগৰাকীয়ে প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ কৰাৰ বাবে বাৰম্বাৰ হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছিল প্ৰেমিক হিমাদ্ৰী বৰুৱাই। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে গীতানগৰ থানাত দাখিল কৰিছে এখন এজাহাৰ। বুধবাৰে বিয়লি প্ৰেমিক হিমাদ্ৰী বৰুৱাই এখন দা লৈ প্ৰেমিকাগৰাকীক হত্যা কৰিবলৈ গুৱাহাটী চেণ্ট্ৰেল মলৰ সন্মুখত উপস্থিত হৈছিল।

সেইসময়ত যুৱকজনক যুৱতীগৰাকীয়ে দেখা পায় আৰু তেওঁৰ অভিপ্ৰায়ৰ কথা ধৰিব পাৰি লগে লগে খবৰ দিয়ে গীতানগৰ আৰক্ষীক। ঘটনাস্থলীত গীতানগৰ আৰক্ষীয়ে উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে ভণ্ড প্ৰেমিকজনক। যুৱতীগৰাকীক প্ৰেমিকজনে আক্ৰমণৰ অপচেষ্টাৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত। ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষীয়ে ভণ্ড প্ৰেমিক হিমাদ্ৰী বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ‘447/379/354/335/307/506’নং ধাৰাৰ অধীনত ‘412/21’ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular