Google search engine
29 C
Guwahati
Sunday, July 25, 2021
Google search engine
Homeব্ৰেকিং নিউজক'ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ

ক’ভিডত মৃত্যু হোৱা হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় মুছলমান যুৱকৰ

লক্ষ্ণৌ : হিন্দু-মুছলমানৰ সম্প্ৰিতিৰ নিৰ্দশন পুনৰবাৰ উজলি উঠিল উত্তৰ-প্ৰদেশত৷ এগৰাকী নগৰ পালিকাৰ অধ্যক্ষৰ প্ৰচেষ্টা ক’ভিডত মৃত্য হোৱা এজন হিন্দুৰ ব্যক্তিৰ অন্ত্যেষ্টক্ৰিয়া কৰা হয়৷ নগৰ পালিকাৰ অধ্যক্ষকে ধৰি মুছলমান যুৱকৰ এটা দলে উত্তৰ-প্ৰদেশৰ বলৰামপুৰত ক’ভিড-১৯ত মৃত্যু হোৱা এজন ৬০ বছৰীয়া হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া কৰাত সহায় কৰিছিল৷ কিয়নো তেওঁৰ পৰিয়ালৰ সদস্যসকলে কৰ’না সংক্ৰমিত হোৱাৰ ভয়ত অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ সংকোচ বোধ কৰিছিল। যাৰবাবে এই দলটো আগবাঢ়ি আহে৷

আৰু পঢ়িব পাৰিব : জিএমচিএইচত ড০ হিমন্ত বিশ্ব শৰ্মাঃ পাৰ্কিঙতো আইচিইউ নিৰ্মাণৰ ব্যৱস্থা

উল্লেখ্য যে, মুকুন্দ মোহন পাণ্ডে (৬০) নামৰ লোকজনৰ সোমবাৰে ক’ভিডত মৃত্যু হয়৷ আনহাতে তেওঁৰ জ্যেষ্ঠ ভাতৃ ললিত পাণ্ডেও ৩০ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল৷

আৰু পঢ়িব পাৰিব : ক’ভিড-১৯ৰ যুঁজৰ বাবে বিৰাট-অনুষ্কাৰ ২কোটিৰ অনুদান: অনলাইন পুঁজিসংগ্ৰহৰ অভিযান আৰম্ভ

নগৰ পালিকাৰ অধ্যক্ষ শ্বাবান আলীয়ে যেতিয়া তেওঁ এই বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁৰ কেইজনমান বন্ধু কেইজন ক্ৰমে- তাৰিক, আনাছ, গুড্ডু আৰু চফিকৰ সৈথে অন্তেষ্টিক্ৰিয়াৰ সকলো ব্যৱস্থা কৰিছিল আৰু মৃতদেহটো শ্মশানলৈ লৈ সকলো কাৰ্য সম্পন্ন কৰিছিল বুলি জানিবলৈ দিয়ে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
29 ° C
29 °
29 °
79 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
29 °
Wed
34 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular