নগা শান্তিচুক্তি : পৃথক পতাকা, সংবিধানৰ দাবীত অটল এনএছচিএন

গুৱাহাটী : পৃথক পতাকা আৰু সংবিধান অবিহনে শান্তি চুক্তি মানি নলয় নগাসকলে। কাৰ্যতঃ এই সকীয়নিকে দিলে নগা শান্তিচুক্তিৰ মূল অংশীদাৰ এনএছচিএন(আইএম)-এ। নাগালেণ্ডৰ শীৰ্ষ সশস্ত্ৰ সংগ্ৰামী গোট তথা শেহতীয়া শান্তিচুক্তিৰ মূল অংশীদাৰ দলটোৱে পৃথক পতাকা আৰু সংবিধান অবিহনে এই চুক্তি ‘সন্মানজনক’ স্থানলৈ উন্নীত নহ’ব বুলি উল্লেখ কৰিছে।

আৰু পঢ়িব পাৰিব:দৰঙৰ জলজলীত স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণ গোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

শুকুৰবাৰে অনুষ্ঠিত এন এছ চি এনৰ যুটীয়া পৰিষদৰ এখন বৈঠকত এই চুক্তি তথা শান্তি আলোচনা সম্পৰ্কত বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। নাগালেণ্ডৰ ডিমাপুৰৰ সমীপৰ হেবৰণৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত অনু্ষ্ঠিত হয়। কেন্দ্ৰ আৰু এন এছ চি এনৰ আলোচনাৰ মধ্যস্থতাকাৰী নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবিৰে মতবিৰোধৰ পৰিপ্ৰেক্ষিতত এই আলোচনা প্ৰক্ৰিয়া স্তব্ধ হৈ পৰিছিল।

আৰু পঢ়িব পাৰিব: দক্ষিণ কামৰূপৰ সাতখন গাঁও শীঘ্ৰে সন্নিবিষ্ট হ’ব মেঘালয়ত

এই বৈঠকৰ পাছত সংগঠনটোৱে জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত কয় যে, ‘নাগা জাতীয় পতাকা আৰু সংবিধানৰ প্ৰস্তাৱ সৰ্বসন্মতভাৱে বৈঠকত গ্ৰহণ কৰা হৈছে। ইণ্ডো-নাগা ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই দুই উপাদানেহে নাগা শান্তি চুক্তিক সন্মানজনক আৰু গ্ৰহণযোগ্য কৰি তুলিব।’

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES