spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকউন্মুক্ত কয়লা খননে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে চৰাইদেউলৈ

উন্মুক্ত কয়লা খননে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে চৰাইদেউলৈ

চৰাইদেউ : নাগালেণ্ডৰ মন জিলাৰ তিৰু অঞ্চলৰ পৰা উন্মুক্ত কয়লা খননে ভয়ংকৰ বিপদ নমাই আনিছে চৰাইদেউ জিলালৈ। মৎস্যকুলৰ লগতে জীৱকুললৈও নমাই আনিছে অশনি সংকেত। কয়লাৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক দ্ৰব্যই চৰাইদেউ জিলাৰ চিংলৌ পথাৰ গাওঁ বাসীৰ লগতে হাজাৰ হাজাৰ কৃষকলৈ নমাই আনিছে দুৰ্যোগ।

চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল চিংলৌ পথাৰৰ সোমাজেৰে বৈ অহা চফ্ৰাই নৈত কয়লাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য সেৱনৰ ফলত বহু জীৱকুল পশুকুলৰ মৃত্যু হৈছে। অৱশ্যে এই ক্ষেত্ৰত চৰাইদেউৰ জিলা প্ৰশাসনে নিৰ্বিকা ভূমিকাহে গ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ উপৰি
নিমনাগড়ত কয়লাৰ ডিপোৱে ঐতিহাসিক বৰপথাৰ হাজাৰ হাজাৰৰ কৃষি ভূমিলৈও ভাবুকি কঢ়িয়াই আনিছে ৷

দেশৰ প্ৰদুৰ্ষণ বিভাগৰ স্পষ্ট নিৰ্দেশনা জনাঞ্চলত কয়লা ডিপোৰ নিষেধাজ্ঞা থকাৰ পাছতো চৰাইদেউ নিমনাগড় কয়লা ডিপোৰ পৰা নিৰ্গত হোৱা আৰু নাগালেণ্ড তিৰু অঞ্চলত মুক্ত কয়লা খননৰ পৰা ওলোৱা কয়লাৰ ৰঙা ৰঙৰ বিষাক্ত পানীয়ে বৰপথাৰ হাজাৰ হাজাৰ কৃষিভূমি তথা জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ চৰকাৰী নিৰ্দেশক অমান্য কৰি বৰ্তমানেও খনন কাৰ্য্য অব্যাহত ৰাখিছে কয়লা মাফিয়াই জিলা প্ৰশাসনক অৱগত কৰাৰ পাছতো বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular