spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিককাগজ কলৰ বৃহৎ ভূমি ইথানল ব্যৱসায়ীৰ হাতলৈ যাব নেকি ?

কাগজ কলৰ বৃহৎ ভূমি ইথানল ব্যৱসায়ীৰ হাতলৈ যাব নেকি ?

ডিজিটেল ডেস্কঃ নগাওঁ আৰু কাছাৰ কাগজ কলৰ ভৱিষ্যতৰ নিৰাপত্তা যেন সুদূৰ পৰাহত! উল্লেখ্য যে, কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনৰ বাঘজৰী হাতত লৈছিল বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে। কিন্তু বাস্তৱ ছবিখনে অন্য এক প্ৰতিচ্ছবিহে তুলি ধৰা পৰিলক্ষিত হৈছে। ২০১৪ৰ পৰা ২০২১চনলৈ এটা-দুটা নহয় চাৰিটাকৈ নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যোৱাৰ পাছতো অসমবাসীৰ প্ৰত্যাশা পূৰণ কৰিব নোৱাৰিলে অসম চৰকাৰে। কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব নোৱাৰাতো বিজেপি চৰকাৰ একপ্ৰকাৰ ব্যৰ্থতাকে সূচাইছে। পোনপ্ৰথমে কাগত কল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি, তাৰ পাছত কাগজ কল দুটাৰে কৰ্মৰত কৰ্মচাৰী সকলক চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস সকলো যেন অসাৰ হৈ ৰ’ল।

এইবোৰ যে নিৰ্বাচনী টোপৰ বাহিৰে একে নাছিল সেয়া ভাবিবলৈ বাধ্য হৈছে ভুক্তভোগী জনতাই। আত্মনিৰ্ভৰশীলতাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত ৬টা বছৰে অসমতো যে এনে এটা উদ্যোগ আছে বা এই উদ্যোগটোৰ পুনঃনিৰ্মাণেৰে অসমৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিব পাৰি সেইবিষয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সৈমান কৰাব নোৱাৰিলে দিছপুৰীয়া ৰক্ষকে। কাগজ কলৰ দৰে স্পৰ্শকাতৰ বিষয়টোক যে অসম চৰকাৰে কাণ সৰালি দিছে, সামগ্ৰিিক প্ৰেক্ষাপটে সেই ছবিখনকেই তুলি ধৰা পৰিলক্ষিত হৈছে। দিল্লীৰ প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ কূট-ৰটনাৰ প্ৰভাৱত অসমৰ ৰাজহূৱা প্ৰতিষ্ঠানতো বহিৰাগত বনিয়াৰ হাতৰ মুঠিলৈ যোৱাৰ খবৰ আহিছে। উল্লেখ্য যে, চলিত বৰ্ষৰ জুন মাহত কাগজ কল দুটাৰ নিলামৰ জাননী প্ৰকাশ পাইছিল।

কাগজ কল দুটাৰ বাবদ নিলামৰ মূল্য ১,১৩৯ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু অতি স্পৰ্শকাতৰ কথাটো হৈছে, কাগজ কল দুটাৰ নামত থকা মুঠ ভূমিৰ পৰিমাণ ১৫৮১.৯৬ একৰ। ইয়াৰে ৫৭৩.৯৬ একৰ ভূমি নগাওঁ কাগজ কলৰ অধীনত আছে আৰু কাছাৰ কাগত কলৰ অধীনত আছে ১০০৮ একৰ ভূমি। ইয়াৰোপৰি কাগজ কল দুটাত আছে জাপান, ছুইডেনৰ পৰা ক্ৰয় কৰা বহুমূল্যৱান সম্পত্তি তথা অত্যাধুনিক যন্ত্ৰ-পাতি। ইফালে নগাওঁ আৰু কাছাৰ কগজ কল দুটাৰ ভূমিত বিদ্যুত্‍ উত্‍পাদন কৰিব পৰা এটা টাৰ্বোনেটৰো আছে বুলি জানিবলৈ পোৱা গৈছে। মনকৰিবলগীয়া যে, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটাৰ নিলামৰ বাবে এন চি এল টিন-এ প্ৰকাশ কৰিছিল জাননী। জাননীত বান্ধি দিয়া দৈছিল কেতবোৰ নীতি-নিৰ্দেশনা। জাননী মৰ্মে, কল দুটা ক্ৰয় কৰা নিৰ্দিষ্ট সংস্থাটোৱে পূৰ্বে কৰ্মৰত কৰ্মচাৰী সকলৰ ভৱিষ্যতৰ নিৰাপত্তা সুৰক্ষা কৰিব লাগিব বুলিও উল্লেখ আছিল।

কিন্তু পৰমাশ্চৰ্যৰ কথাটো হৈছে যে, পূৰ্বৰ নিৰ্দেশনাৰ পৰিৱৰ্তে ২৫ নৱেম্বৰত প্ৰকাশিত কেন্দ্ৰীয় চৰকাৰৰ সংস্থা হিন্দুস্তান পেপাৰ কৰ্পোৰেচন লিমিটেডৰ লিকুইডেটৰ কুলদ্বীপ বাৰ্মাৰ নিৰ্দেশনাত দেখা গৈছে ব্যাপক পাৰ্থক্য। কাগজ কল দুটাৰ নিলামৰ নতুন জাননীয়ে সৃষ্টি কৰিছে চৰম বিভ্ৰাটৰ। ৰাজহুৱা প্ৰতিষ্ঠান দুটাৰ পূৰ্বৰ নিলামৰ ১১৩৯ মূল্যৰ পৰিৱৰ্তে ৭৮৬.১৮ কোটি টকালৈ হ্ৰাস পোৱা কথাটোৱে চকু কপালত তুলিছে সচেতন মহলৰ। কেবল সেয়াই নহয় প্ৰতিষ্ঠান দুটাৰ ক্ৰেতাই সেই ভূমিত নিজৰ ইচ্ছা অনুসৰি যিকোনো প্ৰতিষ্ঠান গঢ়িব পাৰিব বুলিও জাননীত প্ৰকাশ পাইছে। স্মৰ্তব্য যে, অসম চৰকাৰে কল দুটা ক্ৰয়ৰ বাবে ৩০০কোটি টকা প্ৰদানৰ প্ৰস্তাৱো দাখিল কৰিছিল। কিন্তু অসম চৰকাৰৰ প্ৰস্তাৱক পিঠি দি হিন্দুস্তান পেপাৰ কৰ্পোৰেচন লিমিটেডে গ্ৰহণ কৰিছে চৰম পন্থা। এইচ পি চি এলৰ শেহতীয়া কাণ্ডই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ইফালে কাগজ কল দুটাৰ ভেটিত ইথানল উদ্যোগ স্থাপনৰো চৰ্চা লাভ কৰা দেখা গৈছে! তেনেস্থলত অসম চৰকাৰে কি কাৰ্যব্যৱস্থাত ল’ব? দিছপুৰীয়া ৰক্ষকে ধৰি ৰাখিব পাৰিবনে নগাওঁ আৰু কাছাৰ কাগজ কল দুটাক? নে ঠিকনা সলনি হ’ব ৰাজহুৱা প্ৰতিষ্ঠান দুটাৰ? সেয়াহে হ’ব লক্ষণীয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular