spot_img
23 C
Guwahati
23 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকতিনিমাহে দৰমহাৰপৰা বঞ্চিত! চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সংবাদমেল

তিনিমাহে দৰমহাৰপৰা বঞ্চিত! চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সংবাদমেল

ডিজিটেল ডেস্কঃ সন্মুখত হেঁপাহৰ ভোগালী বিহু! আপোন পৰিয়ালৰ সৈতে ভালকৈ এসাঁজ খোৱাৰ আশা সকলোৱে কৰিছে। পিছে বিহুৰ প্ৰাকমুহূৰ্ততে যদি নিজৰ দৰমহাটোও লাভ নকৰে কেনে লাগিব কৰ্মচাৰীৰ! নগাঁও জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পানীত হাঁহনচৰা অৱস্থা! বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা তিনিমাহে দৰমহা লাভ নকৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পৰিয়াল পোহপাল দিৱ নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। জলসিঞ্চন বিভাগৰ সংস্কাৰ সাধন কৰাৰ নামত বিভাগে জীয়াতু ভুগাইছে বুলি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে অভিযোগ উত্থাপন কৰিছে।

দৰমহা নোপোৱাৰ বাবে কৰ্মচাৰীসকলে অসম চৰকাৰ ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ জৰিয়তে মুখ্যহমন্ত্ৰীৰ আহ্বান ক্ৰমে পিতৃ-মাতৃৰ লগত দিন অতিবাহিত কৰিবলৈ দিয়া কাৰ্যও শান্তিৰে সময় অতিবাহিত কৰিব নোৱাৰাৰ কথাও ব্যৃক্ত কৰিছে নগাঁৱৰ জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে। কৰ্মচাৰীসকলৰ সমস্যা সন্দৰ্ভত আজি নগাঁও প্ৰেছ ক্লাবত জিলাখনৰ জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৰিষদে এক সংবাদমেলৰ আয়োজন কৰে।

একেৰাহে তিনিমাহে দৰমহা, মৰগীয়া বোনাছ, পেঞ্চনাৰসকলৰ পেঞ্চনৰ কাম-কাজ নোহোৱাকে লৈ বিভিন্ন অসুবিধাৰ কথা সংবাদমেলখনত সন্থাৰ সভাপতি আজিজুৰ ৰহমানে উল্লেখ কৰে। অসুবিধাসমূহৰ ওপৰত অসমৰ মুখ্যামন্ত্ৰী আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ বিছৰাৰ লগতে অসুবিধাসমূহ কমসময়ত দূৰ নহ’লে অনাগত সময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে সন্থাৰ সভাপতিগৰাকীয়ে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular