spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকএমএছডিপি আঁচনিত লুণ্ঠনৰাজ! কাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ?

এমএছডিপি আঁচনিত লুণ্ঠনৰাজ! কাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ?

নগাঁওঃ ৰাজ্যত নতুন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশাসন সৰব হৈছে যদিও ভিন্নস্থানত চৰকাৰী ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈ আহিছে। ৰূপহী আৰু লাওখোৱা উন্নয়ন খণ্ডৰ পাছত জুৰীয়া উন্নয়ন খণ্ডটোত এমএছডিপি আঁচনিত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে!

প্ৰায় ৫ বছৰৰ পূৰ্বে আৰম্ভ কৰা আঁচনিৰ কাম সম্পূৰ্ণ বৰ্তমানেও সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল! জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মাগুৰি জনজাতি মজলীয়া বিদ্যালয়ৰ এমএছডিপি আঁচনিৰ ধনেৰে এটি অতিৰিক্ত শ্ৰেণী কোঠাৰ কাম আৰম্ভ কৰিছিল ২০১৬-১৭ বৰ্ষত !

আজিও অৰ্ধনিৰ্মিত হৈ আছে শ্ৰেণীকোঠাটোৰ কাম! বিদ্যালয়খনৰ সৌন্দৰ্য বিনষ্ট কৰিছে অৰ্ধনিৰ্মিত আঁচনিখনৰ দ্বাৰা নিৰ্মিত গৃহটিয়ে! আঁচনিখনৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়ম আৰু দুৰ্নীতি কৰাৰ অভিযোগ!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular