spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকমাতৃৰ অংগছেদৰ পৰামৰ্শ নিদিবলৈ ড০নগেন শইকীয়াক আহ্বান আলফা স্বাধীনৰ !

মাতৃৰ অংগছেদৰ পৰামৰ্শ নিদিবলৈ ড০নগেন শইকীয়াক আহ্বান আলফা স্বাধীনৰ !

গুৱাহাটী : বৰাকত অসমীয়া ভাষা বিতৰ্কই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অসমীয়া ভাষাক বৰাকত অপমান কৰাৰ পাছতে ভাষাপ্ৰেমী ৰাইজে বৰ্তমানেও এই বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব দিছে৷ বৰাক উপত্যকাক অসমৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলিম শুকুৰবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই৷

আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বিশিষ্ট সাহিত্যিকজনক কঠোৰ সমালোচনা কৰে। অশান্তিৰ সৃষ্টি হ’লেই মাতৃৰ অংগ বিচ্ছিন্ন কৰিব নেকি বুলি পৰেশ বৰুৱাই কয়। বিশিষ্ট সাহিত্যিকগৰাকীক সমালোচনা কৰি বৰুৱাই হিন্দু বাংলাদেশীসকল অসমৰ ভূমিপুত্ৰ নহয়, মাতৃৰ অংগছেদৰ পৰামৰ্শ নিদিবলৈ আহ্বান জনাই প্ৰদীপ দত্তৰয়কো সকীয়নি প্ৰদান কৰে পৰেশ বৰুৱাই৷

ইপিনে বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ মন্তব্যৰ পাছতে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, “ছাৰ আমাৰ সকলোৱে সন্মানীয়৷ কিয় তেওঁ বৰাকক পৃথকীকৰণৰ কথা কৈছে , কিয় কলে সেই কথা তেওঁহে ভালকৈ কব পাৰিব৷ আমি অসমৰ ভৌগোলিক অখণ্ডতা কেতিয়াও বিচ্ছেদ দিব নোৱাৰো ৷” লগতে তেঁও বৰাকৰ ঘটনাৰ ওপৰত চৰকাৰৰ স্থিতি দুৰ্বল হৈছে৷ ৬ নং দফা ৰূপায়ন হলেই এই সমস্যা সমাধান হব৷ চৰকাৰে তাত গুৰুত্ব দিবলৈ আহ্বান ডঃ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular