spot_img
26 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকনন্দিতাৰ দুঃসহ বিদায়ৰ স্মৃতি কঢ়িয়াই কেনে আছে বান্ধৱী কাশ্মীনা?

নন্দিতাৰ দুঃসহ বিদায়ৰ স্মৃতি কঢ়িয়াই কেনে আছে বান্ধৱী কাশ্মীনা?

ঢকুৱাখনা : চকুৰ সন্মুখতে নিজৰ প্ৰিয় বান্ধৱীগৰাকীৰ মৃত্যুকাতৰ যন্ত্ৰণা, আৰ্তনাদ কোনে সহ্য কৰিব পাৰে? কিদৰে প্ৰিয় বান্ধৱীক নিৰ্মম মৃত্যুৰ হাতত অকাতৰে এৰি দিব পাৰে ? এবাৰ চেষ্টা নকৰাকৈ থাকিব পাৰে জানো বান্ধৱীক ৰক্ষা কৰাৰ? প্ৰেমিকৰূপী ঘাতকৰ আক্ৰমণৰ পৰা প্ৰিয় বান্ধৱী নন্দিতাক ৰক্ষা কৰিবলৈ গৈ তেওঁ নিজেও বলি হৈছিল আক্ৰমণৰ৷ ৰাজপথত বৈছিল তেজৰ নৈ৷ বিগত মাহত ধেমাজি জিলাৰ ৰাজপথত সংঘটিত হোৱা নন্দিতা শইকীয়াৰ আক্ৰমণৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ মহাবিদ্যালয়ৰ পৰা অহাৰ পথত হত্যাকাৰী ৰিংকু শৰ্মাই নন্দিতা শইকীয়া আৰু বান্ধৱী কাশ্মীনা দত্তক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল৷ এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নন্দিতা শইকীয়াই পৰৱৰ্তী সময়ত সকলোকে কন্দুৱাই মৃত্যুক আঁকোৱালি লৈছিল।

নন্দিতাক ঘাতকৰ হাতৰপৰা ৰক্ষা কৰিবলৈ গৈ আহত হোৱা বান্ধৱী কাশ্মীনাৰ স্বাস্থ্য বৰ্তমান কিছু উন্নত হৈছে যদিও তেওঁ বন্ধৱীক চকুৰ সন্মুখতে হেৰুওৱাৰ দুঃসহ স্মৃতি লৈ সময় পাৰ কৰিবলগীয়া হৈছে৷ প্ৰতি মুহূৰ্ততে তেওঁৰ মনত প্ৰতিভাত হৈছে নন্দিতাৰ যন্ত্ৰণাকাতৰ মুখ, প্ৰতিধ্বনিত হৈছে নন্দিতাৰ কৰুণ চিৎকাৰবোৰ।


চকুৰ সন্মুখতে নৃশংস আক্ৰমণৰ বলি হোৱা বান্ধৱী নন্দিতাৰ কথা পলে পলে মনত পৰাৰ কথা প্ৰকাশ কৰে বান্ধৱী কাশ্মীনাই৷ নন্দিতাই সৈতে শেষ দিনটোলৈকে পতা কথাবোৰ আজিও মনত পৰে বুলি কৈ আৱেগিক হৈ উঠে কাশ্মীনা৷ তেওঁ কয়, ‘গ্ৰুপত যেতিয়াই এখন নটিছ আহে, তেতিয়াই মনত পৰে নন্দিতালৈ৷ সদায় যিকোনো বিষয় প্ৰথমে তাইৰ লগতে আলোচনা কৰিছিলোঁ৷’ তেওঁ লগতে কয়, ‘নন্দিতাই ফোন বহুত কমকৈ ব্যৱহাৰ কৰিছিল, যাৰ বাবে সদায় ময়ে তাইক ফোন কৰি সকলো কথা আলোচনা কৰিছিলোঁ৷’


উল্লেখ্য যে, এই আক্ৰমণত কাশ্মীনাৰ পিতৃও আঘাতপ্ৰাপ্ত হৈছিল৷ তেওঁ অৱস্থা এতিয়া সংকটমুক্ত বুলি জানিব পৰা গৈছে৷ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ পাছত অসমৰ বিভিন্ন ছাত্ৰ সংগঠন আৰু মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যি সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অশেষ ধন্যবাদ জনাইছে কাশ্মীনাই৷ লগতে বৰ্তমানেও চৰকাৰৰ ফালৰ পৰা বিশেষ কোনো সহায়-সহযোগিতা লাভ নকৰাৰ কথাও উল্লেখ কৰে৷ দোষীক কঠোৰ শাস্তি বিহি বান্ধৱী নন্দিতাৰ বিদেহ আত্মাক শান্তি দিয়াৰ বাবেও তেওঁ আহ্বান জনায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
75 %
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °
Mon
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular