spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকসাৰি যাব নোৱাৰেতো নন্দিতা শইকীয়াৰ হত্যাকাৰী? কি কি ধাৰাৰে দাখিল হ’ল চাৰ্জশ্বীট?

সাৰি যাব নোৱাৰেতো নন্দিতা শইকীয়াৰ হত্যাকাৰী? কি কি ধাৰাৰে দাখিল হ’ল চাৰ্জশ্বীট?

ডিজিটেল ডেস্ক : সহজে মচ নাখায় এই ভয়ংকৰ অঘটনৰ স্মৃতি। কি বিভৎস আক্ৰমণেৰে নিঃশেষ কৰি দিয়া হৈছিল এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱতীক। হাঁহিমুখীয়া, মৰমলগা চেহেৰাৰ যুৱতীগৰাকী তেজেৰে ৰাঙলী হৈ পৰিছিল নিষ্ঠুৰ ঘাতকৰ আক্ৰমণত।

যোৱা ২১আগষ্টত সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। দিনৰ পোহৰতে ৰিণ্টু শৰ্মা নামৰ প্ৰেমিকৰূপী ঘাতকজনে পিছ লৈছিল তেওঁৰ। তাৰ পাছত অতি পৰিকল্পিতভাৱে আক্ৰমণেৰে স্তব্ধ কৰি দিছিল এটা উচ্ছ্বল আৰু তৰংগময় প্ৰাণ। ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত তেজেৰে ৰাঙলী হৈ পৰি ৰৈছিল ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া। কি অপৰাধৰ শাস্তি ভোগ কৰিছিল তাই? কিয় স্তব্ধ হৈ পৰিছিল তাইৰ সপোন সজীৱ জীৱনটো? তাইৰ অপৰাধ আছিল ৰিণ্টু শৰ্মা নামৰ পাষাণ যুৱকজনৰ প্ৰেমৰ নাম দি লোৱা অধিকাৰবোধ আৰু অনুচিত আকাংক্ষাক প্ৰত্যাখ্যান কৰা। এগৰাকী বান্ধৱীৰ সৈতে কলেজৰ পৰা ওভতাৰ বাটত ২১ আগষ্টত ধেমাজি এএছটিচি বাছ আস্থানৰ সন্মুখত মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক দাৰে ঘপিয়াই নৃশংসভাৱে আক্ৰমণ কৰিছিল মৰিধল মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই৷ আহত হৈছিল কাশ্মীনা নামৰ নন্দিতাৰ বান্ধৱীও। অবৰ্ণনীয় যন্ত্ৰণাত ছটফটাই কেইবাদিনো মৃত্যুৰ সৈতে যুঁজি হাৰ মানিছিল নন্দিতাই। অকাল ধুমুহাই যেন নুমাই পেলাইছিল অপাৰ সম্ভাৱনাৰ আলোক বিলাব খোজা এগচি চাকিৰ শিখাক।
এনে অমানৱীয়, বৰ্বৰ কাৰ্য সংঘটিত কৰা ৰিণ্টু শৰ্মাৰ পৰিণতি কি হোৱা উচিত? এই প্ৰশ্ন অবান্তৰ। সকলোৱে একেমুখে বিচাৰিছিল এই অপৰাধৰ শাস্তি হওক মৃত্যুদণ্ডৰ সমপৰ্যায়ৰ। এই দাবীৰ প্ৰতিধ্বনি উঠিছে আজিও। এতিয়া হত্যাকাৰী ৰিণ্টুক উপযুক্ত শাস্তি প্ৰদানেৰে নন্দিতা শইকীয়াৰ পৰিয়াল আৰু ন্যায়কাংক্ষী অসংখ্যজনক ন্যায় প্ৰদানৰ ক্ষিপ্ৰ প্ৰচেষ্টা চৱিছে। ৰিণ্টুৰ বিৰুদ্ধে সাজু হৈ উঠিছে অভিযোগনামা। এই পাষাণ হত্যাকাৰীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে৷ ভাৰতীয় দণ্ডবিধিৰ 342 / 324 / 307 / 302 ধাৰা সন্নিৱিষ্ট কৰা হৈছে অভিযুক্তৰ বিৰুদ্ধে৷ প্ৰায় ৪০জন লোকৰ সাক্ষ্য গ্ৰহণ কৰি সাজু কৰি উলিওৱা হৈছে চাৰ্জশ্বীট৷ ২৫ আগষ্টত নিয়তিৰ ওচৰত হাৰ মনা নন্দিতা শইকীয়াইৰ অভাৱ একোৱেই পূৰণ কৰিব নোৱাৰিলেও হত্যাকাৰীক উপযুক্ত শাস্তি দিয়াৰ জৰিয়তে ন্যায়কাংক্ষীসকলৰ মনক শান্ত কৰা তথা নন্দিতাৰ বিদেহ আত্মাক অলপ সকাহ দিয়াটো হৈ পৰিছে সময়ৰ দাবী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular