spot_img
18.6 C
Guwahati
18.6 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকআকৌ ঘটিব ননীগোপাল বৰুৱা কাণ্ড! কাক বিচাৰি অলিয়ে-গলিয়ে ঘূৰিছে মহানগৰ আৰক্ষী?

আকৌ ঘটিব ননীগোপাল বৰুৱা কাণ্ড! কাক বিচাৰি অলিয়ে-গলিয়ে ঘূৰিছে মহানগৰ আৰক্ষী?

ডিজিটেল ডেস্ক : চৰম নিৰাপত্তাহীনতা! পদে পদে শংকা, সংশয়। ইটোৰ-পাছত সিটো হত্যাকাণ্ডই মহানগৰীক জোকাৰি যোৱাৰ পাছত এতিয়া মহনগৰীৰ বাসিন্দাৰ নিৰপত্তাৰ কথা নতুনকৈ ভাবিবলৈ বাধ্য হৈছে আৰক্ষী-প্ৰশাসনে। বিশেষকৈ মহানগৰীত বসবাস কৰা অকলশৰীয়া বয়োজ্যেষ্ঠ লোকসকলৰ নিৰাপত্তাৰ কথা নতুনকৈ ভাবিবলৈ বাধ্য হৈছে আৰক্ষী। বেলতলাৰ চন্দন নগৰৰ ননীগোপাল বৰুৱা আৰু মীনা বৰুৱা হত্যাকাণ্ডৰ পাছত এতিয়া উদ্বেগ বৃদ্ধি পাইছে সকলোৰে মনত। কিয়নো এই হত্যাকাণ্ড সংঘটিত কৰিছিল ঘৰৰ ভিতৰৰ মানুহে। বৰুৱা দম্পতীয়ে কুৰি বছৰে তুলি তালি ডাঙৰ দীঘল কৰা তথা সকলো ধৰণে সহায়-সাহায্য কৰি অহা আকাশ চৌধুৰী নামৰ লোকজনৰ হাতত অতি কৰুণভাৱে প্ৰাণ হেৰুৱালে বৰুৱা দম্পতীয়ে। এনে পৰিস্থিতিত কোনেও কাকো বিশ্বাসত ল’ব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। মহানগৰীৰ এনে অকলশৰীয়া দম্পতীৰ নিৰাপত্তাৰ কথা নতুনকৈ ভাবিবলৈ বাধ্য হৈ পৰিছে আৰক্ষী।


কেয়াৰ টেকাৰৰ হাততে বেলতলা কাণ্ড সংঘটিত হোৱাৰ পাছত এতিয়া বিভিন্ন পৰিয়ালত থকা কেয়াৰ টেকাৰৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মহানগৰ আৰক্ষী। গুৱাহাটীৰ অকলশৰীয়া বৃদ্ধ দম্পতী চিনাক্ত কৰাৰ কামো আৰম্ভ কৰিছে আৰক্ষীয়ে। ননীগোপাল বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ দৰে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় সেয়া নিশ্চিত কৰিবলৈ তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী। গুৱাহাটীৰ অকলশৰীয়া বৃদ্ধ দম্পতীক চিনাক্ত কৰাৰ লগতে আৰক্ষীয়ে কেয়াৰ টেকাৰসকলৰো তালিকা প্ৰস্তুত কৰিছে৷ নিৰাপত্তাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত আৰক্ষীয়ে সংগ্ৰহ কৰি আছে এই তথ্য৷ বিশাল গুৱাহাটীত অকলশৰীয়া দম্পতী বিচাৰি এতিয়া একপ্ৰকাৰ হাবাথুৰি খাবলগীয়া হৈছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে, গুৱাহাটীৰ ৩০ শতাংশ লোকৰে পুত্ৰ-জীয়ৰী কৰ্মসূত্ৰে বাহিৰত থকা বাবে জীৱনৰ শেষ বয়সটো অতি নিঃসংগ অৱস্থাত পাৰ কৰিবলগীয়া হয় তেওঁলোকে। আপোন পৰিজন কাষত নথকা বাবে আন তত্তাৱধায়কৰ ওপৰত ভৰসা কৰিয়েই তেওঁলোক চলিবলগীয়া হয়। আপোনজন কাষত নথকা এনে লোক যাতে ননীগোপাল বৰুৱা দম্পতীৰ দৰে পৰিণতিৰ সন্মুখীন হ’বলগীয়া নহয় সেয়া নিশ্চিত কৰাত তৎপৰ হৈ আৰক্ষী। মহানগৰীত অকলশৰে থকা বা অচিন কাঠৰ থোৰাসদৃশ কেয়াৰ টেকাৰৰ তত্তাৱধানত থকা লোকসকলক নিজৰ অৱস্থাৰ বিষয়ে জনাবলৈ এতিয়া আৰক্ষীয়ে সকলোকে আহ্বান জনাইছে।

দম্পতীক

ইফালে, বৃদ্ধ পিতৃ-মাতৃক এনেদৰে নিৰাপত্তাহীন অৱস্থাত মহানগৰৰ কোনোবা এটা চুকত অকলশৰে এৰি থৈ তথাকথিত সাফল্যৰ ধ্বজা উৰুৱাই থকা সন্তানসকলৰ দায়বদ্ধতাৰ প্ৰশ্নটোও এতিয়া নতুনকৈ উত্থাপন হৈছে। এটা পুৰণি ঘৰ-ভেটিৰ ৰখীয়া কৰি থৈ পিতৃ-মাতৃক শেষ বয়সত এনেদৰে এৰি যোৱা কথাটোৰ ন্যয্যতা কিমান সেই প্ৰশ্নও এতিয়া বহুতৰে মনত উঠিছে। অচিন-চিনাকি ‘কেয়াৰ টেকাৰ’ৰ তত্তাৱধানত শেষ বয়সত তেওঁলোক কেনে আছে সেই কথা ভবাৰ, সেই কথাৰ খবৰ লোৱাৰ অৱকাশ এইসকল ‘সফল’, ঈৰ্ষণীয় কেৰিয়াৰৰ অধিকাৰী সন্তানৰ আছেনে?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular