আন এক কৃতিত্বৰ অধিকাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

নতুন দিল্লী : আন এক কৃতিত্বৰ অধিকাৰী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিজৰ অতুলনীয় কথনভংগী আৰু বাকপটুতাৰে সমগ্ৰ বিশ্বৰে মন জয় কৰিবলৈ সক্ষম হোৱা প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা তেওঁৰ দ্বিতীয়টো কাৰ্যকালতো হ্ৰাস হোৱা নাই। আনহাতে বৃহস্পতিবাৰে প্ৰধামন্ত্ৰী মোদী চতুৰ্থ দীৰ্ঘতম কাল প্ৰধানমন্ত্ৰীৰ আসনত থকাৰ কৃতিত্বৰ অধিকাৰী হয়।

আৰু পঢ়িব পাৰিব: বকোৰ লাম্পীত উত্তেজনা, সীমান্ত আৰক্ষীচকী ঘেৰাও সাধাৰণ জনতাৰ

কেৱল এয়াই নহয়, তেওঁ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক সময় ক্ষমতাত থকাৰ কৃতিত্বও অৰ্জন কৰিলে বৃহস্পতিবাৰৰ দিনটোতে। দেশৰ আন এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালতকৈ অধিক সময় প্ৰধানমন্ত্ৰীৰ আসনত আছে নৰেন্দ্ৰ মোদী।

অটল বিহাৰী বাজপেয়ীয়ে একাধিক সম্পূৰ্ণ-অসম্পূৰ্ণ কাৰ্যকালত সৰ্বমুঠ ২,২৬৮ দিন প্ৰধানমন্ত্ৰীৰ আসনত আছিল। আনহাতে মোদীয়ে একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষতে এই দিনসংখ্যা অতিক্ৰম কৰিলে।

আৰু পঢ়িব পাৰিব: ছ’চিয়েল মিডিয়াত ভাইৰেল আলিয়াৰ কান্দোন : ৯৫ শতাংশই ডিছলাইক

এতিয়া দেশত সৰ্বাধিক সময় প্ৰধানমন্ত্ৰীৰ আসনত থকা ব্যক্তিসকলৰ তালিকাৰ শীৰ্ষ তিনিত আছে ক্ৰমে পণ্ডিত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ডঃ মনমোহন সিং। তাৰ পাছতে মোদীৰ স্থান। উল্লেখ্য যে, ২০১৪ চনত অভিলেখসংখ্যক জনসমৰ্থনেৰে দিল্লীৰ মচনদ অধিকাৰ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। তাৰ পূৰ্বে তেওঁ ১৩ বথৰ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ আসনত আছিল।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES