spot_img
25 C
Guwahati
25 C
Guwahati
বুধবাৰ, অক্টোবৰ 20, 2021
HomeUncategorizedজনতাৰ মূৰত মাধমাৰ সোধাই পূজাৰ অফাৰ দিছে মোদী চৰকাৰে, জানানে কি এই...

জনতাৰ মূৰত মাধমাৰ সোধাই পূজাৰ অফাৰ দিছে মোদী চৰকাৰে, জানানে কি এই অফাৰ?

ডিজিটেল ডেস্ক: অনলাইন শ্বপিং, কাপোৰৰ বজাৰৰ ভীৰ অথবা বেণ্ডৰ বস্তু যেন এতিয়া আকাশৰ জোনবাইটোৰ দৰে৷ দূৰৈৰ পৰা চাবহে পাৰি ধৰিব বা আনিব নোৱাৰি৷ পূজাত কাপোৰ লোৱাটো একাংশৰ বাবে যেন এতিয়া সপোন৷ লগতে এইবেলি পূজাত বাইক এৰি চাইকেলৰে আমেজ ল’ব একাংশই৷ কাৰণ বঢ়িছে পেট্ৰ’লৰ দাম৷ এইবেলি পূজাত মোদী চৰকাৰে জনতালৈ দিলে এই বিশেষ উপহাৰটি৷ চেঞ্চুৰী কোবালে পেট্ৰ’লে৷

পিছে খাটিখোৱা জনতাৰহে পকেট খালী৷ অত্যাৱশীয় সামগ্ৰী পৰা পেট্ৰ’লৰ মূল্য ভাৰ সহিব নোৱাৰি পূজাৰ কাপোৰ বৰ্জন কৰিলে বহুজনে৷ সমান্তৰালকৈ বৃদ্ধি পাইছে ডিজেলৰ মূল্য, ৰন্ধন গেছৰ মূল্যও হাজাৰৰ ঘৰ অতিক্রম কৰিছে৷ আজি বিশ্বনাথত, চৰাইদেউ, ধেমাজি, ধুবুৰী, মাজুলী, দৰং, নলবাৰী, মৰিগাঁও, নগাঁও ইত্যাদি জিলাত পেট্র’লৰ মূল্য শতকৰ ঘৰ অতিক্রম কৰিলে৷ গুৱাহাটী মহানগৰীত আজি পেট্র’লৰ মূল্য হ’লগৈ ৯৯.৫০৷

পৰিবৰ্তনশীন চৰকাৰৰ এই মূল্যবৃদ্ধি ধমাকাই যেন অতিস্থ কৰিছে জনতাক৷ সেয়ে ‘প্ৰাগ নিউজ’ৰ সাংবাদিকৰ আগতো ক্ষোভ উজাৰে ভুক্তভোগী জনতাই৷ লগতে কয় যে, ‘পূজাত কাপোৰ লোৱা বাদ দিছো, বাইক-গাড়ী এৰি চাইকেল চলাবলৈ লৈছো৷’ আনহাতে আন একাংশই কয়, ‘মূল্যবৃদ্ধি নিয়ন্ত্রণত ব্যৰ্থ চৰকাৰ৷ এফালে আলু-পিঁয়াজ, মিঠাতেল ইত্যাদি সামগ্রীৰ দাম বৃদ্ধি আনফালে পেট্র’ল-ডিজেল, ৰন্ধন গেছৰ অস্বাভাৱিক দাম বৃদ্ধি কেনেকৈ চলিম আমি?’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular