একাধিক দুৰ্ঘটনাত দেশত পুনৰ ১৪ জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু

লক্ষ্ণৌ : উত্তৰ প্ৰদেশৰ মুজাফৰনগৰ জিলাত ৬জনপ্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়৷ এখন বাছেমহতীয়াই নিয়ে শ্ৰমিককেইজনক৷ শ্ৰমিককেইজনে পঞ্জাবৰ পৰা বিহাৰৰ স্বগৃহলৈ খোজকাঢ়ি গৈ আছিল৷ মৃত ৪জন শ্ৰমিকৰ ঘৰ গোপালগুঞ্জত৷ এজন পাটনাৰ আৰু আনজন ভোজপুৰৰ৷

 

আৰু পঢ়িপাৰিব: কেৰালাৰ কন্নোৰত আবদ্ধ অসমৰ সাতজনকৈ অৱসৰপ্ৰাপ্ত সেনা-জোৱান

 

বুধবাৰে নিশা ১১বজাত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাগ্ৰস্ত শ্ৰমিকসকলৰ মৃতদেহ পথৰ দাঁতিত  পৰিৰোৱাৰ দৃশ্যই শোকাহত তুলিছে দেশবাসীক৷ এই দুৰ্ঘটনাৰ পাছতে উত্তৰ প্ৰদেশৰ চৰকাৰে ৰাজ্যখনৰ কোনো শ্ৰমিকে যাতে খোজকাঢ়ি ঘৰলৈ যাবলগীয়া নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে৷ আৰক্ষীৰ মতে, দুৰ্ঘটনা সংঘটিত কৰা বাছখন খালী আছিল আৰু চালকজন পলাতক হৈ আছে।

এই দুৰ্ঘটনাক লৈ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয়, ‘উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত সংঘটিত বাছদুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ৷ প্ৰথমতে ৰে’ল আৰু এতিয়া বাছ দুৰ্ঘটনা৷শ্ৰমিকসকলৰ জীৱন কিয় ইমান মূল্যহীন? ‘বন্দে ভাৰতমিছন’ৰ আওতালৈ দেশৰ দুখীয়াসকল নাহে নেকি?’

 

আৰু পঢ়িপাৰিব: কৰ’না যুঁজলৈ পি এম কেয়াৰ্ছৰ ৩,১০০কোটি : এহেজাৰ কোটি প্ৰব্ৰজনকাৰী শ্ৰমিকলৈ

 

ইপিনে, মধ্যপ্ৰদেশতো ৮জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু হয়৷শ্ৰমিকসকলক কঢ়িয়াই লৈ গৈ থকা এখন ট্ৰাকে মধ্যপ্ৰদেশৰ গুণাত এখন বাছত খুন্দা মৰাৰ ফলত মৃত্যু হয় শ্ৰমিককেইজনৰ৷ শ্ৰমিককেইজন মহাৰাষ্ট্ৰৰ পৰাউত্তৰপ্ৰদেশৰ স্ব-গৃহলৈ গৈ আছিল৷ দুৰ্ঘটনাত আহত আন ভালেকেইজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোঁৱা হয়।

 

অসমৰ দৈনন্দিন নতুন তথ্য লাভ কৰিবৰ বাবে অনুসৰণ কৰক আমাৰ প্ৰাগ নিউজ ফেচবুক পেজ আৰু প্ৰাগ নিউজ ইউটিউব চেনেল লগতে লাইভ টিভি পৰ্যবেক্ষন কৰক।

প্ৰাগ নিউজ ফেচবুক পেজ

প্ৰাগ নিউজ ইউটিউব চেনেল

Show More

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Live Updates COVID-19 CASES
Close
Close