spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeক্ৰীড়া'মোৰ মৃত্যু হোৱা নাই'! গুলীয়াই হত্যা কৰা বুলি ওলোৱা খবৰত এইদৰে ক'লে...

‘মোৰ মৃত্যু হোৱা নাই’! গুলীয়াই হত্যা কৰা বুলি ওলোৱা খবৰত এইদৰে ক’লে মল্লযোদ্ধাই

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযোদ্ধা নিশা দাহিয়াক গুলীয়াই হত্যা কৰা বুলি ওলোৱা এক বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিশাৰ মৃত্যু হোৱা বুলি ভাবি আনকি বহু লোকেই টুকিছিল চকুপানী। একাংশই জনাইছিল শ্ৰদ্ধাঞ্জলি। এই বাতৰিৰ সন্দৰ্ভত নিশা দাহিয়াই ইনষ্টাগ্ৰামত এটা ষ্টোৰী শ্বেয়াৰ কৰে। উল্লেখ্য যে একাংশ সংবাদ মাধ্যমত নিশা দাহিয়া আৰু তেওঁৰ ভাতৃক হাৰিয়ানাত গুলীয়াই হত্যা কৰা বুলি বাতৰি প্ৰকাশ পাইছিল। ইনষ্টাগ্ৰামত নিশা দাহিয়াই তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ জীৱিত থকা বুলি প্ৰকাশ কৰে।

নিশা দাহিয়াৰ ভুৱা মৃত্যুৰ বাতৰিয়ে ব্যথিত কৰিছে পৰিয়াল তথা গুণমুগ্ধক

ইনষ্টাগ্ৰামত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু গৰাকীয়ে কয় যে “মই ছিনিয়ৰ পৰ্যায়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে গোন্দালৈ আহিছো। মই কুশলে আছো, মোৰ মৃত্যু হোৱা বুলি ভুৱা বাতৰি ওলাইছে।” নিশাৰ মৃত্যুৰ বাতৰিক লৈ ওলোৱা খবৰত কুস্তি ফেডাৰেচনেও তেওঁৰ মৃত্যুৰ বাতৰিটো ভুৱা বুলি অভিহিত কৰে।

নিশা দাহিয়া আৰু সাক্ষী মালিক

নিশা দাহিয়াৰ লগতে আন এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অলিম্পিকৰ পদক বিজয়ী মল্লযোদ্ধা সাক্ষী মালিকেও নিশা দাহিয়াৰ সৈতে একেলগে থকাৰ ফটো টুইটাৰত পোষ্ট কৰি নিশা দাহিয়া জীৱিত হৈ আছে জনায়।

নিশা দাহিয়াৰ ফাইল ফটো

কিছু সংখ্যক সংবাদমাধ্যমত মল্লযোদ্ধা নিশা দাহিয়া আৰু তেওঁৰ ভাতৃক গুলিয়াই হত্যা কৰা বুলি খবৰ প্ৰকাশ পোৱাৰ লগতে নিশা দাহিয়াৰ মাতৃৰ অৱস্থাও সংকটজনক বুলি খবৰ প্ৰকাশ পাইছিল।

উল্লেখ্য যে নিশা দাহিয়াই কিছুদিন পূৰ্বে ২৩ বছৰ অনুৰ্ধ বিশ্ব কুস্তি চেম্পিয়নশ্বিপ-২০১ত ব্ৰঞ্জৰ পদক জয় কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশাকে ধৰি গোটেই দলটোক পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছিল। নিশা দাহিয়াই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৬৫ কিলোগ্ৰাম ফ্ৰীষ্টাইলত যুঁজ দিয়ে। তেওঁ ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক জিকি ভাৰতলৈ গৌৰৱ কঢ়িয়া্ই আনিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular