তীৰ্থনগৰী হাজোত ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণী অনুষ্ঠান

হাজোঃ ৰাষ্ট্ৰীয় পোষণ মাহৰ ৩০ ছেপ্টেম্বৰত ৰাজ্যিক পৰ্যায়ৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হয় তীৰ্থনগৰী হাজোৰ কুলহাটীত। কুলহাটী দুৰ্গামন্দিৰ প্ৰাংগণত অনুষ্ঠিত সামৰণী অনুষ্ঠানত উপস্থিত থাকে সমাজকল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। শিশুৰ পুষ্টিহীনতা দূৰ কৰি এখন সৰ্বাংগসুন্দৰ সমাজ গঠন কৰা এই পোষণ মাহৰ মূল লক্ষ্য।

আৰু পঢ়িব পাৰিব : প্ৰধানমন্ত্ৰীক আপ্যায়নৰ বাবে ৪০ হাজাৰটকীয়া কাঠফুলাৰ ব্যঞ্জন!

এই উদ্দেশ্যৰে প্ৰতিবছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰ মাহটো ‘পোষণ মাহ’ হিচাপে ঘোষণা কৰিছিল। ইয়াৰ পাছৰেপৰা প্ৰতিবছৰে ছেপ্টেম্বৰৰ মাহটো পোষণ মাহ হিচাপে সমাজকল্যাণ বিভাগে পালন কৰি আহিছে। ক’ভিডৰ নীতি-নিয়ম মানি অনুষ্ঠিত কৰা সামৰণী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, অসম প্ৰতিবন্ধী সন্থাৰ সম্পাদক নৃপেন মালাকৰ, হাজোৰ বিধায়িকা তথা অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ সুমন হৰিপ্ৰিয়া উপস্থিত থাকি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকাক ‘Super Mother’ আখ্যা দিয়ে।

আৰু পঢ়িব পাৰিব : মিজোৰামৰ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ গোপন অভিযান

মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই কয় যে- “সমাজ কল্যাণ বিভাগে পুষ্টিহীনতাৰ বিৰুদ্ধে যি যুদ্ধ আৰম্ভ কৰিছে, সেয়া অংগনৱাড়ী কৰ্মীসকলে পূৰ্ণ ৰূপ দিব লাগিব। তেতিয়াহে পুষ্টিহীনতা নিৰ্মূল হ’ব।” অনুষ্ঠানটো গীত-মাতেৰে মুখৰ কৰি তোলে কৰ্মী-সহায়িকাসকলে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES