--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এজন ব্যক্তিৰ জীৱনত গ্ৰহৰ গতিবিধিৰ প্ৰভাৱ স্পষ্টকৈ কম-বেছি পৰিমাণে সকলো ৰাশিৰ লোকৰ ওপৰত পৰা দেখা যায়। জ্যোতিষশাস্ত্ৰত বৃহস্পতি গ্ৰহক সুখ-সমৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয়। যেতিয়া কোনো এজন ব্যক্তিৰ ৰাশিত বৃহস্পতি শুভ অৱস্থাত থাকে তেতিয়া ব্যক্তিজনৰ বিবাহিত জীৱন সুখী হোৱাৰ লগতে অন্যান্য ক্ষেত্ৰতটো সুখ হয়। আনহাতে, বৃহস্পতি গ্ৰহে যেতিয়া এটা পৰা আন এটা ৰাশিলৈ পৰিৱৰ্তন কৰে তেতিয়া ইয়াৰ প্ৰভাৱ সকলোৰে ওপৰত পৰা দেখা যায়।

 জ্যোতিষশাস্ত্ৰৰ মতে ২০২৩ চনত বৃহস্পতি গ্ৰহে মীন ৰাশিৰ পৰা মেষ ৰাশিত প্ৰৱেশ কৰিব। মেষ ৰাশিত বৃহস্পতি গ্ৰহৰ প্ৰৱেশে বহু ৰাশিৰ ওপৰত ইয়াৰ যথেষ্ট ভাল প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। আগন্তুক বছৰটোৱে কোনবোৰ ৰাশিৰ বাবে সুখ কঢ়িয়াই আনিব জানো আহক।

 ১. মিথুন ৰাশিঃ-মেষ ৰাশিত বৃহস্পতিৰ ট্ৰেনজিটৰ বাবে মিথুন ৰাশিৰ লোকে বিশেষ সুবিধা লাভ কৰিব। এই সময়ত মিথুন ৰাশিৰ লোকৰ আয় বৃদ্ধি পাব। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। কেৱল এয়াই নহয়, ব্যৱসায়ত অগ্ৰগতি আৰু চাকৰিৰ পদোন্নতি হ’ব পাৰে। একে সময়তে বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আয়ৰ নতুন পথ মুকলি কৰিব।

 ২. মীন ৰাশিঃ-মীন ৰাশিৰ পৰা ওলাই অহাৰ পাছতহে বৃহস্পতি গ্ৰহে মেষ ৰাশিত প্ৰৱেশ কৰিব। ফলত মীন ৰাশিৰ লোকসকলেও বিশেষ সুবিধা লাভ কৰিব। এই সময়ছোৱাত হঠাৎ আৰ্থিক লাভ হ’ব, চাকৰিৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। আনহাতে যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে এই সময়ছোৱাত লাভৰ মুখ দেখিবলৈ পাব।

 ৩. কৰ্কট ৰাশিঃ-জ্যোতিষশাস্ত্ৰৰ মতে বৃহস্পতি গ্ৰহে কৰ্কট ৰাশিৰ লোকৰ ৰাশিত ক্ষেত্ৰত শুভ ফল দিব। কেৰিয়াৰ বৃদ্ধিৰ বাবে নতুন সুযোগ পাব। কেৱল এয়াই নহয়, আয়ৰ নতুন যোগফল পোৱাৰ সম্ভাৱনাও আছে। ইয়াৰ লগতে ব্যক্তিজনৰ মান-সন্মান বৃদ্ধি পাব।

 ৪. তুলা ৰাশিঃ-বৃহস্পতিৰ ট্ৰেনজিটেও এই ৰাশিৰ লোকসকলৰ বাবে কামত অগ্ৰগতি কঢ়িয়াই আনিব। ব্যৱসায়ত লাভ হোৱাৰ লগতে বহুদিন আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ হ’ব আৰু ব্যক্তিজনৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব।

 ৫. কন্যা ৰাশিঃ-এই ৰাশিৰ লোকে নতুন বছৰত প্ৰতিটো কামতে সফলতা লাভ কৰিব। বিবাহিত জীৱনত প্ৰেম বাঢ়িব। ব্যক্তিজনৰ সন্মান বাঢ়িব। এই সময়ছোৱাত এজন বিশেষ বন্ধুৰ সহযোগিতা লাভ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী