spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeব্ৰেকিং নিউজকিং খানৰ পুত্ৰৰ গ্ৰেপ্তাৰ: এনচিবিৰ বিষয়া সমীৰ ৱানখেড়েক বদলি

কিং খানৰ পুত্ৰৰ গ্ৰেপ্তাৰ: এনচিবিৰ বিষয়া সমীৰ ৱানখেড়েক বদলি

ডিজিটেল ডেস্ক: ২০২১ বৰ্ষটো যদিও বিভিন্ন কাৰণত স্মৰণীয় হৈ থাকিব, তথাপিও আন এটা বিশেষ কাৰণৰ বাবেও বৰ্ষটো স্মৰণীয় হৈ থাকিব৷ বছৰটোৰ দেশজুৰি চৰ্চা লাভ কৰা এটা প্ৰসংগ আছিল বলীউদৰ কিং খানৰ পুত্ৰ আৰিয়ান খানৰ গ্ৰেপ্তাৰ৷ বছৰটো শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ বাবে আছিল দু:সহ স্মৃতিৰ বছৰ৷ তেওঁ কাৰাগাৰৰ বন্ধ কুঠৰীত সোমাবলগীয়া হৈছিল এই বৰ্ষটোতে৷ অৱশ্যে, এই নতুন বছৰটোৱে তেওঁলোকলৈ যেন কঢ়িয়াই আনিলে কিছু আশাৰ খবৰ৷

হয়, দৰাচলতে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৰ বিষয়াজনক বদলি কৰা হৈছে। সেই বিষয়াগৰাকীয়েই হৈছে সমীৰ ৱানখেড়ে। আৰিয়ান খানৰ গোচৰৰ পাছতেই বিষয়া সমীৰ ৱানখেড়ে চৰ্চালৈ আহিছিল। তেওঁলোকে আৰিয়ানক এখন জাহাজত ড্ৰাগছ সেৱন কৰা ধৰা পেলাইছিল।


বিষয়াগৰাকীৰৰ কৃতিত্বৰ পাছতে সকলোৱে তেওঁক দিল্লীৰ সিংঘম বুলি অভিহিত কৰিছিল৷ উল্লেখযোগ্য যে, সমীৰ ৱানখেড়ে ২ অক্টোবৰত গোৱালৈ যাওঁতে এখন জাহাজত অভিযান চলাইছিল, য’ত তেওঁ শ্বাহৰুখ পুত্ৰ আৰিয়ান খানকে ধৰি নজন লোকক গ্ৰেপ্তাৰ কৰিছিল।


অৱশ্যে, পাছত প্ৰমাণিত হৈছিল যে আৰিয়ান খানৰ ওচৰত কোনো ড্ৰাগছ নাছিল কিন্তু তেওঁ শ্বাহৰুখ খানৰ পুত্ৰ হোৱাৰ বাবে তেওঁক এই অভিযোগত অভিযুক্ত কৰা হৈছিল। তাৰ পাছতেই যেন সমীৰ ৱানখেড়েৰ বাবে অসুবিধা বৃদ্ধি হ’বলৈ ধৰিলে আৰু তেওঁৰ গ্ৰাফ নামি আহিবলৈ আৰম্ভ কৰিলে৷ আৰু, এতিয়া হঠাৎ এনচিবিৰ এই বিষয়াগৰাকী স্থানান্তৰ হোৱা বিষয়টোৱে নতুন চৰ্চা লাভ কৰিছে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular