‘এনচিবি’ৰ তদন্তৰ জালত ছাৰা আলী খান-শ্ৰদ্ধা কাপুৰ-ৰকুল প্ৰীতো!

মুম্বাই : সুশান্ত সিং ৰাজপুতৰ মৃ্ত্যুৰ তদন্ত আগবঢ়াৰ লগে লগে বলীউডৰ ভালেমান তাৰকাৰ নাম সাঙোৰ খাই পৰিছে এই গোচৰৰ সৈতে। সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ সম্পৰ্কীয় গোচৰত নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ জালত পৰাৰ পাছত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতে আন কেইবাগৰাকীও তাৰকা অভিনেত্ৰী এচিবি-ৰ জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।

আৰু পঢ়িব পাৰিব: বিজেপিত পুনৰ যোগদান গায়ক-পৰিচালকৰ তথা ব্যৱসায়ীৰ

এই সম্পৰ্কীয় গোচৰত নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোৱে ছাৰা আলী খান, শ্ৰদ্ধা কাপুৰ, ৰকুল প্ৰীত সিং, ছিমোন খাম্বাটালৈ জাননী জাৰি কৰাৰ বাবে সাজু হৈছে। জেৰাৰ বাবে এনচিবি-ৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ চমন জাৰি কৰা হ’ব এই চাৰিগৰাকী অভিনেত্ৰীলৈ। ৰিয়া চক্ৰৱৰ্তীয়ে এই চাৰিগৰাকী অভিনেত্ৰীৰ নাম এনচিবি-ৰ আগত লোৱা বুলি সদৰী কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে।

মুম্বাইৰ একেটা জিমলৈ গৈছিল ৰকুল, ছাৰা, ৰিয়া আৰু তেওঁলোকৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। এই সম্পৰ্কৰ আঁত ধৰি কৰা তদন্তত এনচিবিয়ে এই অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধেও প্ৰমাণ লাভ কৰিছে আৰু ভালেমান তথ্যও সংস্থাটোৰ হাতলৈ আহিছে বুলি দাবী কৰিছে। একেদৰে ৰিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিতে শ্ৰদ্ধা কাপুৰৰ নামো তদন্তৰ আঁওতালৈ আহিছে।

আৰু পঢ়িব পাৰিব: বঙাইগাঁও প্ৰেছ ক্লাবত হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল

ইফালে, এন চি বিৰ আগত ৰিয়াই স্বীকাৰোক্তি দিছে যে, সুশান্তই তেওঁক লগ পোৱাৰ পূৰ্বৰপৰা গাঞ্জা সেৱন কৰিছিল। ‘কেদাৰনাথ’ ছবিৰ শ্বটিঙৰ সময়ত অধিক ড্ৰাগছ সেৱনৰ ফলত ছাৰা আলী খান আৰু সুশান্তৰ ওজন বৃদ্ধি পাইছিল বুলিও ৰিয়াই মন্তব্য কৰিছিল। ৰিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিতে এ চি বি-ৰ তদন্তৰ হাঁতোৰা এতিয়া বহু ৰথী-মহাৰথীলৈ প্ৰসাৰিত হোৱাটো স্পষ্ট হৈ পৰিছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES