spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeক্ৰীড়ানীৰজ চোপ্ৰাৰ মহানুভৱতা, মিলখা সিঙলৈ উৎসৰ্গা অলিম্পিক স্বৰ্ণ

নীৰজ চোপ্ৰাৰ মহানুভৱতা, মিলখা সিঙলৈ উৎসৰ্গা অলিম্পিক স্বৰ্ণ

ট’কিঅ’ : অলিম্পিকৰ মুকুট পিন্ধা স্বৰ্ণপদক বিজয়ী নীৰজ চোপ্ৰাই শনিবাৰে তেওঁৰ ঐতিহাসিক সাফল্য স্প্ৰিণ্ট কিংবদন্তী মিলখা সিঙক উৎসৰ্গা কৰে। উল্লেখ্য যে, চলিত বৰ্ষৰ জুন মাহত কৰ’নাক্ৰান্ত হৈ মৃত্যুবৰণ কৰে তাৰকা এথলীট গৰাকীয়ে। ১৯৬০ চনৰ ৰোম অলিম্পিকত চতুৰ্থ স্থান লাভ কৰা আইকনিক স্প্ৰিণ্টাৰ গৰাকীলৈ এই কৃতিত্ব উৎসৰ্গা কৰি ২৩ বছৰীয়া জেভেলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই সদৰী কৰে যে, ‘মিলখা সিঙে এখন ষ্টেডিয়ামত ৰাষ্ট্ৰীয় সংগীত শুনিব বিচাৰিছিল। তেওঁ এতিয়া আমাৰ মাজত নাই যদিও তেওঁৰ স্বপ্ন পূৰণ হ’ল।’


৯১ বছৰীয়া মিলখা সিঙে এমাহ ধৰি ক’ভিড-১৯ৰ সৈতে নিৰন্তৰ যুঁজ দিয়াৰ পাছত জুন মাহত চণ্ডীগড়ত শেষ নিশ্বাস ত্যাগ কৰে। চোপ্ৰাই ট’কিঅ’ অলিম্পিকৰ দ্বিতীয় ৰাউণ্ডৰ ফাইনেলত ৮৭.৫৮ মিটাৰ থ্ৰ’ৰে দেশৰ হৈ প্ৰথম ট্ৰেক এণ্ড ফিল্ড পদক লাভ কৰে নীৰজ চোপ্ৰাই। অলিম্পিকত ব্যক্তিগত স্বৰ্ণ জয়লাভ কৰা দ্বিতীয় ভাৰতীয় এথলীট ৰূপে বিবেচিত হৈছে তেওঁ।


নীৰজ চোপ্ৰাৰ মহানুভৱতাত বিমুগ্ধ হৈ পৰিছে মিলখা তনয় জীৱ মিলখা। সামাজিক মাধ্যম যোগে তেওঁ সদৰী কৰে যে, ‘দেউতাই এনে এটা বিৰল মুহূৰ্তৰ বাবে সুদীৰ্ঘ বছৰ অপেক্ষা কৰিছিল। অৱশেষত তেওঁৰ সপোনে আজি বাস্তৱ ৰূপ পালে।’ স্বৰ্ণজয়ৰ বাবে নীৰজ চোপ্ৰাক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয়, ‘আপুনি প্ৰথমবাৰৰ বাবে দেশক এথলীটত সোণৰ পদক দিলে। আনকি এই পদকতো মোৰ দেউতাকলৈ আপুনি উৎসৰ্গা কৰিছে। মিলখা পৰিয়াললৈ উৎসৰ্গা কৰা এই অমূূল্য সন্মানৰ বাবে আমি চিৰকৃতজ্ঞ।’


‘ফ্লাইং শিখ’ বুলি জনাজাত স্প্ৰিণ্টাৰগৰাকীয়ে প্ৰায়ে এজন ভাৰতীয়ক ট্ৰেক এণ্ড ফিল্ড অলিম্পিকত পদক জয়ৰ বিৰল দৃশ্য স্বচক্ষে উপভোগ কৰিবলৈ বিচাৰিছিল। ১৯৮৪ চনৰ ল’ছ এঞ্জেল’ছ অলিম্পিকত পি টি ঊষাই মহিলাৰ ৪০০ মিটাৰ হৰ্ডল’ছত পদক জয়ত ব্যৰ্থ হৈছিল। তেতিয়াৰ পৰাই এই সপোন পুহি ৰাখিছিল মিলখা সিঙে। স্বপ্নপূৰণৰ ঐতিহাসিক মুহূৰ্ত তেওঁ স্বচক্ষে দেখা নাপালেও তেওঁৰ স্বপ্নক বাস্তব ৰূপ দিলে নীৰজ চোপ্ৰাই। ধন্য নীৰজ ধন্য!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
40 %
Thu
26 °
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular