spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াকোহলী হিন্দুবিৰোধী! নলগা জেঙত লাগি অধিনায়কৰ বিৰাট লটিঘটি

কোহলী হিন্দুবিৰোধী! নলগা জেঙত লাগি অধিনায়কৰ বিৰাট লটিঘটি

নতুন দিল্লীঃ বিতৰ্কই লগ নেৰা হৈছে বিৰাট কোহলীক। পত্নী অনুষ্কাৰ সৈতে খুট-খাট লগাৰ পাছত এইবাৰ টুইটাৰত পোষ্ট কৰি বিপদত বিৰাট কোহলী। সমাগত বিশ্বকাপৰ পূৰ্বেই নানা ধৰণৰ বিতৰ্কই চুই গৈছে কোহলীক। সামাজিক মাধ্যমত তুলাধুনা তাৰকা ক্ৰিকেটাৰগৰাকীক। একাংশই কোহলীক হিন্দু বিৰোধী বুলিও অভিযোগ কৰিছে। বিশ্বকাপৰ সময়তে দেৱালী লাগিছে কোহলীৰ গাত। পোহৰৰ উত্সোৱ দীপাৱলী কেনেদৰে বিশেষ কৰিব লাগে তাৰ বিশেষ পৰামৰ্শ দিব বুলি এটা টুইটযোগে সদৰি কৰিছিল কোহলীয়ে। তাতেই লাগিল কেনা। ‘অহা কেইসপ্তাহমানৰ ভিতৰত, মই পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে দীপাৱলী কেনেকৈ উদযাপন কৰিব লাগে তাকে লৈ কিছুমান ব্যক্তিগত পৰামৰ্শৰ ভাগ-বতৰা কৰিম।

মোৰ প্ৰফাইল লাইক কৰক আৰু লগত থাকক।’ বুলি কৈ কোহলীয়ে টুইটযোগে বাৰ্তা প্ৰেৰণ কৰিছিল। ভিডিঅ’টোত কোহলীক কোৱা শুনা গৈছে যে, ‘সমগ্ৰ বিশ্বই এক কঠিন সময়ৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। কৰ’নাই জ্বলা-কলা খুৱাইছে সকলোকে। বিশেষকৈ ভাৰতবৰ্ষত অতিমাৰী কৰ’নাৰ দ্বিতীয় ধুমুহাই যথেষ্ট প্ৰভাৱ পেলাইছে। বহুলোক ক্ষতিগ্ৰস্ত হৈছে। বহুতে এতিয়াও পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা নাই। সেয়েহে দীপাৱলীৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পূৰ্বে মই কিছুমান বিশেষ পৰামৰ্শ আপোনালোকৰ সৈতে ভাগ-বতৰা কৰিম।’

কোহলীয়ে যিমানেই সৎ ভাবনাৰে কথাষাৰ নক’লেও কিন্তু একাংশই তাৰকা ক্ৰিকেটাৰগৰাকীৰ টুইটটো একেবাৰে পছন্দ কৰা নাই। সহজভাৱে ল’ব পৰা নাই অনুৰাগী মহলে। কোহলীয়ে কৰ’নাসৃষ্ট পৰিৱেশৰ অচিলা লৈ ভুৱা উদ্বেগ প্ৰকাশ কৰিছে বুলি বহুতে ক্ষোভ উজাৰিছে। ক্ৰিকেটৰ মাজতে নিজৰ জ্ঞান সীমাবদ্ধ ৰাখিবলৈও কোহলীক পৰামৰ্শ একাংশৰ। টুইট ব্যৱহাৰকাৰী এজনে কয়, ‘হিন্দুৰ উৎসৱৰ বিষয়ে দীঘলীয়া আৰু বিস্তাৰিতভাৱে কথা কোৱাটো এতিয়া ‘হেল ফেশ্বন’। আমি প্ৰাচীন কালৰ পৰাই আমাৰ উৎসৱৰ ৰীতি-নীতি সুচাৰূৰূপে পালন কৰি আহিছোঁ। ইয়াৰ বিষয়ে মই আপোনাৰ পৰা কোনো ধৰণৰ জ্ঞান ল’বলৈ ইচ্ছুক নহয়। এনে মূৰ্খামীয়ে আপোনাক শোভা নাপায়।’

ইয়াৰ মাজতে ভাৰত আৰু ইংলেণ্ডে বিশ্বকাপ অভিযানৰ পাতনি মেলিবলৈ লৈছে। সোমবাৰে প্ৰস্তুতি খেলখনত দুয়োটা দল সমুখ সমৰত অৱতীৰ্ণ হ’ব। দুয়োটা হেভিৱেট দলেই ছুপাৰ-১২ পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতে ২৪ অক্টোবৰত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰূদ্ধে তেওঁলোকৰ প্ৰথমখন খেল খেলিব। তাৰ ঠিক এদিন আগতে, ইংলেণ্ডে ৱেষ্ট ইণ্ডিজৰ বিৰূদ্ধে তেওঁলোকৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰিব। দুয়োটা দলে মূল পৰ্যায়ত খেলাৰ আগতে দুখন প্ৰস্তুতি খেলত অংশগ্ৰহণ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular