spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeবিশ্বভাৰতীয় নৌ সেনাত নতুন সংযোজন

ভাৰতীয় নৌ সেনাত নতুন সংযোজন

নতুন দিল্লীঃ ভাৰতীয় নৌসেনাত এক নতুন সংযোজন। কৃত্ৰিম উপগ্ৰহ, পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰীক্ষণৰ উপৰিও শত্ৰুৰ চাবমেৰিন চিনাক্ত কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে এখন অত্যাধুনিক জাহাজ। জাহাজখন প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’ আৰু ৰাষ্ট্ৰীয় কাৰিকৰী গৱেষণা সংস্থা অৰ্থাত্‍ এনটিঅ’ৰ সহায়ত হিন্দুস্তান শ্বিপইয়ৰ্ডে নিৰ্মাণ কৰিছে। অতি শীঘ্ৰেই বিশাখাপত্তনমৰ পৰা ভাৰতীয় নৌবাহিনীত আনুষ্ঠানিকভাৱে জাহাজখন অন্তৰ্ভুক্ত কৰা হ’ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই সদৰী কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ১০ ছেপ্টেম্বৰত অত্যাধুনিক জাহাজখন আনুষ্ঠানিকভাৱে নৌ সেনাত অন্তৰ্ভুক্ত কৰিব বুলি জানিবলৈ দিছে।


উল্লেখ্য যে, এনে অত্যাধুনিক জাহাজ বৰ্তমান ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ৰাছিয়া আৰু চীনতহে আছে। প্ৰতিবেদন অনুসৰি, ১০,০০০ টন ওজনৰ অত্যাধুনিক জাহাজখনে ভৱিষ্যতে ভাৰতৰ অন্যতম বৃহৎ ক্ষেপণাস্ত্ৰ বিৰোধী বাহিনী হ’বলৈ সাজু হৈছে। ভাৰতৰ বিভিন্ন চহৰ আৰু সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লোৱা মিছাইলৰ বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰো সুবিধা আছে জাহাজখনত। জাহাজখনত এটা সক্ৰিয় স্কেন এৰে ৰাডাৰো সংযুক্ত কৰা হৈছে, যিয়ে ভাৰতক নিৰীক্ষণ কৰা উপগ্ৰহসমূহ চিনাক্ত কৰিব। সমগ্ৰ অঞ্চলটোত মিছাইল পৰীক্ষাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে জাহাজখনে ভাৰতীয় অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰিব বুলিও প্ৰকাশ পাইছে। সংশ্লিষ্ট কোৱাৰ্টাৰসমূহৰ প্ৰতিবেদন অনুসৰি, ইণ্ডো-পেচিফিক অঞ্চলসমূহৰ নিৰীক্ষণৰ ক্ষেত্ৰত জাহাজখনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব। চীনে সাগৰকেন্দ্ৰীক সামৰিক ক্ষমতা বৃদ্ধি কৰিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে, ই দ্ৰুততাৰে চোৰাংচোৱা তথ্য সংগ্ৰহ কৰিবলৈ আৰু প্ৰকৃত সময়ত সতৰ্ক কৰিবলৈ সক্ষম হ’ব বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm with light rain
26 ° C
26 °
26 °
89 %
0kmh
90 %
Thu
28 °
Fri
28 °
Sat
29 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular