spot_img
23 C
Guwahati
23 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকৰাজ্যত দ্ৰুতগতিত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ : আজি ঘোষণা হ'বলগীয়া নতুন এছঅ'পি কি...

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ : আজি ঘোষণা হ’বলগীয়া নতুন এছঅ’পি কি কি নিৰ্দেশনা থাকিব?

ডিজিটেল ডেস্ক : ৰাজ্যত ক্ৰমশঃ দ্ৰুতগতিত বৃদ্ধি হৈছে কৰ’নাৰ সংক্ৰমণ ৷ বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্ত হয় মুঠ ৮৪৪ জনকৈ লোক৷ তাৰবিপৰীতে কৰ’নাত আক্ৰান্ত হৈ কালিৰ দিনটোত ৰাজ্যত দুজন মৃত্যু হয় বুলি জানিবলৈ পোৱা গৈছে৷ মহানগৰীত ক্ৰমশঃ গণ সংক্ৰমণৰ দিশে কৰ’না৷ মাত্ৰ ৪ দিনতে ১০০২ জন সংক্ৰমিত কৰ’নাত৷ দৈনিক শ শ লোক আক্ৰান্ত হৈছে মহামাৰী কৰ’নাত৷

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি, ৩ জানুৱাৰীত আক্ৰান্ত হয় ১৬৪জন লোক, ৪ জানুৱাৰীত ১৯০ জন, ৫ জানুৱাৰীত ২৭৯জন আৰু ৬ জানুৱাৰীত আক্ৰান্ত হয় মুঠ ৩৬৯ জন লোক৷ জিলা প্ৰশাসনে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা৷ পুনৰ সাজু কৰি তুলিছে পূৰ্বৰ ক’ভিড হাস্পতালসমূহো৷ সৰুসজাইত মুকলি কৰা হৈছে ক’ভিড কেয়াৰ চেণ্টাৰ৷ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালতো পুনৰ ক’ভিড সেৱা মুকলিৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে৷ ৫খন ক’ভিড হাস্পতালত ২৫০০ বিছনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷

যাৰবাবে আজি চৰকাৰে ঘোষণা কৰিব নতুন ক’ভিড এছঅ’পি৷ বিয়লি ৩ বজাত মুখ্যমন্ত্ৰীয়ে আয়োজন কৰিছে এক সংবাদমেলৰ৷ আনহাতে অষ্টম শ্ৰেণীপৰ্যন্ত পাঠদান বন্ধ কৰাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ পোৱা গৈছে৷ নিশা ১০ বজাৰ পৰা সান্ধ্য আইন ঘোষণাৰ সম্ভাৱনাও আছে৷ ৫০ শতাংশ কৰ্মচাৰীৰে চলিব পাৰে কাৰ্যালয়৷ পুনৰ আৰম্ভ হোৱাৰ দিশে বিদ্যালয়ৰ অনলাইন ক্লাছো৷ কালি সন্ধিয়া সম্পন্ন হৈছিল চৰকাৰৰ পৰ্যালোচনা বৈঠক৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক৷ এই বৈঠকত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসমূহ৷ এই বৈঠকৰ পাছত ৰাজ্যত লকডাউনৰ সম্ভাৱনা নাই বুলিও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ কেৱল ৰাজহুৱা স্থানত সমাগম বন্ধ কৰাৰ পোষকতা গ্ৰহণ কৰিছিল বৈঠকত৷ কালিৰ দিনটোত ৰাজ্যত সংক্ৰমণৰ হাৰ আছিল ২.৩৭ শতাংশ৷ ক’ভিড টেষ্ট বৃদ্ধি হ’লে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular