spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকবিশ্ববিদ্যালয়ৰ নিৰ্বাচনত প্ৰত্যাখিত ABVP

বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত প্ৰত্যাখিত ABVP

ডিজিটেল ডেস্কঃ আজি ঘোষিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল৷ ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ত পুনৰবাৰ জাতীয়তাবাদী শক্তিৰ প্ৰভাৱ অক্ষুণ্ণ থকা দেখিবলৈ পোৱা গ’ল৷ আজি ঘোষিত ফলাফলত সভাপতিকে ধৰি মুঠ চাৰিটা পদত সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ সভাপতি পদত বিশ্ববিদ্যালয়খনৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ ছাত্ৰ তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ২নং তিনিমহলীয়া ছাত্ৰাৱাসৰ আৱাসী হেমেন কলিতাই জয়লাভ কৰে৷

সভাপতি হেমেন কলিতা

হেমেন কলিতাৰ ঘৰ নলবাৰী জিলাত৷ একেদৰে, সাধাৰণ সম্পাদক পদত জয়লাভ কৰে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮নং ছাত্ৰাৱাসৰ আৱাসী বিকি শৰ্মাই৷ বিকি শৰ্মাৰ ঘৰ ওদালগুৰি জিলাত৷ উপ-সভাপতি পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সমৰ্থিত নৱদীপ বৰগোহাঁয়ে জয়লাভ কৰে৷ একেদৰে, সাধাৰণ সম্পাদককে ধৰি মুঠ পাঁচটা পদত এন এছ ইউ আই সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰসমাজে প্ৰত্যাখ্যান কৰিলে শাসকীয় দলৰ মদদপুষ্ট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক৷

সাধাৰণ সম্পাদক বিকি শৰ্মা

দিছপুৰত চৰকাৰ থাকিও জালুকবাৰীত নিশ্চিহ্ন প্ৰায় হ’ল এবিভিপি৷ মাত্ৰ দুটা পদতে থমকিব লগা হ’ল এবিভিপি৷ ছাত্ৰী জিৰণি কোঠা আৰু গুৰু খেল বিভাগৰ সম্পাদক পদত জয়লাভ কৰিছে এবিভিপি সমৰ্থিত প্ৰাৰ্থীয়ে৷ আজিৰ ফলাফলে বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ ৰাজনৈতিক সচেতনতা আৰু জাতীয়তাবোধ দৃষ্টিভংগীক পুনৰবাৰ পোহৰলৈ আনিলে৷ বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু জাতীয়তাবাদী ৰাজনীতিৰ গৌৰৱধ্বজাক পুনৰবাৰ উৰুৱালে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ ‘কা’ আন্দোলনৰো নেতৃত্ব বহন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজিৰ এই ফলাফল ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটতো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular