Google search engine
27 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকক’ভিড পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। কি আছে এই নিৰ্দেশনাত?

ক’ভিড পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। কি আছে এই নিৰ্দেশনাত?

গুৱাহাটী : ক’ভিড পৰিস্থিতিক লৈ চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে৷ ৩০ এপ্ৰিললৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা৷ ২৩ এপ্ৰিলৰপৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা…নিৰ্দেশনাসমূহ এনেধৰণৰ- জিলা প্ৰশাসনৰ অনুমতি লৈ কৰিব পাৰিব মুকলি অনুষ্ঠান৷ ৫০% লোককহে দিয়া হ’ব অনুমতি৷ মাস্ক পৰিধান, সামাজিক দূৰত্ব বাধ্যতামূলক৷ বিবাহ আৰু ব্যক্তিগত অনুষ্ঠানত ১০০ জন ব্যক্তিৰ অনুমতি৷ ধৰ্মীয়স্থানত প্ৰতিঘণ্টাত ২০জন লোকৰ অনুমতি৷ প্ৰতিষ্ঠিত ধৰ্মীয়স্থানত প্ৰতিঘণ্টাত ৫০জন লোকৰ অনুমতি৷ সকলো বজাৰ, ছুপাৰমাৰ্কেট, সাপ্তাহিৰ বজাৰ ৬ বজাত বন্ধ থাকিব৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৫০% কৰ্মচাৰীৰ অনুমতি৷

আৰু পঢ়িব পাৰিব:ভূমিকেন্দ্ৰিক বিবাদত ভাগিনৰ হাতত প্ৰাণ গ’ল মোমায়েকৰ

বিষয়াসকল উপস্থিত থাকিব লাগিব কাৰ্যালয়ত৷ গৰ্ভৱতী মহিলাক ঘৰৰ পৰাই কাম কৰাৰ পৰামৰ্শ প্ৰদান কৰিব কৰ্তৃপক্ষই৷ প্ৰৱেশ, প্ৰস্থান স্থানত থাকিব লাগিব থাৰ্মেল স্কেনিং, ছেনিটাইজাৰ৷ সকলো শিক্ষানুষ্ঠানে ভাৰ্চুৱেল বিকল্প প্ৰদান কৰিব লাগিব৷ ৫০%তকৈ অধিক শিক্ষাৰ্থী ব্যক্তিগতভাৱে উপস্থিত থাকিব নোৱাৰিব৷ বিদ্যালয়ৰ শ্ৰেণীৰ সময় শিথিল কৰিব লাগিব৷ পুৱাৰ সভা, বিশেষ সভা পৰিহাৰ কৰিব লাগিব৷ ৰাজহুৱা পৰিবহণে ক’ভিড নীতি মানি চলিব লাগিব৷ ক’ভিড নীতি অনুসৰি ৰাখিব লাগিব আসনৰ ব্যৱস্থা৷

আৰু পঢ়িব পাৰিব: কুম্ভমেলালৈ যোৱা অসমৰ ১৬ জন লোক আক্ৰান্ত কৰ’না ভাইৰাছত

অটোৰিক্সা, টেক্সিত ১জন চালক, ২ যাত্ৰী যাব পাৰিব৷ চিটীবাছত ৫০ শতাংশ যাত্ৰীহে উঠিব পাৰিব৷ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক৷ দোকানবোৰত গ্ৰাহকৰ মাজত থাকিব লাগিব ৬ ফুট দূৰত্ব৷ দোকানত একেসময়তে ৫জনতকৈ অধিক লোক থাকিব নোৱাৰিব৷ চেলুন, পাৰ্লাৰসমূহত মানি চলিব লাগিব ক’ভিড নিয়ম৷ মাস্ক-হাতমোজা পিন্ধি কৰিব পাৰিব কাম৷ ক’ভিডবিধি ভংগকাৰীক কঠোৰ শাস্তি৷ শাস্তি দুৰ্যোগ ব্যৱস্থাপনা আইন অনুসৰি৷ IPC ১৮৮ৰ মতেও শাস্তি প্ৰদান৷ ৰাজহুৱা স্থানত থু পেলালে ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব৷ মুখাৱৰণ নথকাসকলেও জৰিমনা ভৰিব লাগিব৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Fri
27 °
Sat
27 °
Sun
27 °
Mon
29 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular