--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই যন্ত্রটোৱে ইলেক্ট্রনিক চকুৰ দৰে কাম কৰি পানীৰ উৎস স্থলতেই উচ্চ নির্ভুলতাৰে একাধিক বিষাক্ত পদাৰ্থ চিনাক্ত কৰে আৰু পানীৰ পৰা সংগ্ৰহ কৰা তথ্য বেতাঁৰযোগে পানী পৰিশোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব পাৰে।

ডিজিটেল ডেস্ক: ভাৰত চৰকাৰৰ জলজীৱন মিছন অভিযানক এক নতুন মাত্রা দিবলৈ সাজু হৈছে গুৱাহাটী আই আই টিৰ এদল গৱেষক-বিজ্ঞানী। আই আই টিৰ এই গৱেষক-বিজ্ঞানীৰ দলটোৱে শেহতীয়াকৈ এনে এক আশ্চর্যজনক ছেন্সৰ উদ্ভাৱন কৰি উলিয়াইছে যি ছেন্সৰে কেৱল জলজীৱন মিছনেই নহয় সামগ্রিকভাৱে জনস্বাস্থ্যৰ সমগ্ৰ ধাৰণাটোকেই সলাই পেলাব।


আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্রিক বিভাগৰ অধ্যাপক তপস কে মণ্ডল আৰু ইলেক্ট্রনিক্স-বৈদ্যুতিক আৰু অভিযান্ত্রিক বিভাগৰ অধ্যাপক হৰ্ষল বি নেসাডৰ নেতৃত্বত এদল গৱেষকে শেহতীয়াকৈ উদ্ভাৱন কৰি উলিয়াইছে 'ই আই' নামৰ বহনযোগ্য এনে এক অপ্টিকেল ছেন্সিং যন্ত্র, যিটো যন্ত্রই পানী আৰু অন্যান্য জৈৱিক নমুনাত উপস্থিত বিভিন্ন বিষাক্ত পদার্থ তৎক্ষণাৎ চিনাক্ত কৰি দিব পাৰে। 


কেৱল ইমানেই নহয় এই যন্ত্রটোৱে ইলেক্ট্রনিক চকুৰ দৰে কাম কৰি পানীৰ উৎস স্থলতেই উচ্চ নির্ভুলতাৰে একাধিক বিষাক্ত পদাৰ্থ চিনাক্ত কৰে আৰু পানীৰ পৰা সংগ্ৰহ কৰা তথ্য বেতাঁৰযোগে পানী পৰিশোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব পাৰে। জানিব পৰা মতে, মৌলিক অপ্টিকেল নীতি ব্যৱহাৰ কৰি যন্ত্ৰটোৱে পানীৰ বিশ্লেষণ কৰে। ছেন্সৰৰ সংকেতক ডিজিটেল তথ্যলৈ ৰূপান্তৰিত কৰে আৰু বিষাক্ত পদাৰ্থৰ ঘনত্ব প্ৰদৰ্শন কৰে। ইতিমধ্যেই এই ছেন্সৰ মেচিনটোৱে পানীত মিহলি হৈ থকা আৰ্চেনিক, সীহ, লোহা, ক্রমিয়াম, ফ্লৰাইড, ই-কলাইৰ দৰে বিষাক্ত বেক্টেৰিয়া সফলতাৰে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে 'ই আই' নামৰ এই যন্ত্ৰটোৰ প্ৰস্তুতকৰণত ব্যয় হৈছে মাত্র ৩৫০০ টকা আৰু প্ৰতিটো নমুনা পৰীক্ষাৰ ব্যয় হৈছে মাত্র ২ টকা। গতিকে এই আশ্চর্যজনক যন্ত্ৰটোৰ ঔদ্যোগিক উৎপাদন আৰম্ভহ'লে এই ব্যয় অধিক হ্রাস পাব বুলি অনুমান কৰা হৈছে। 


আন এক গুৰুত্বপূৰ্ণ কথা এয়ে যে পানীৰ উপৰি এই ছেন্সিং মেচিনটোৰ জৰিয়তে পৰিৱেশগত নমুনা, জৈৱিক নমুনা, শাক-পাচলি, খাদ্য সামগ্রী, চাহ, মাটি আৰু গাখীৰৰো বিষাক্ত পদার্থ বিশ্লেষণ কৰিব পাৰে। গৱেষকৰ দলটোৱে ইতিমধ্যেই ১৭০০ তকৈও অধিক নমুনা এই যন্ত্ৰৰ জৰিয়তে পৰীক্ষা কৰি নির্ভুল ফলাফল লাভ কৰিছে। গৱেষকৰ দলটোৱে জানিবলৈ দিয়া মতে, ইলেক্ট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ৰ গৱেষণা অনুদানৰ সহায়ত বিজ্ঞানীসকলে উদ্ভাৱিত প্রযুক্তিবিধৰ বাণিজ্যিকীকৰণৰ উদ্দেশ্যে এক ষ্টার্ট আপ স্থাপন কৰাৰ লগতে এই আজৱ উদ্ভাৱনক পৰীক্ষাগাৰৰ পৰা বাস্তৱ ক্ষেত্ৰলৈ লৈ যাবৰ বাবে ঔদ্যোগিক অংশীদাৰৰ সৈতে সহযোগিতা কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰিছে।

উৎস : দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ