spot_img
14.4 C
Guwahati
14.4 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিককটন বিশ্ববিদ্যালয়ত ক’ভিডৰ আতংক! বাতিল প্ৰশাসনীয় কাম-কাজ

কটন বিশ্ববিদ্যালয়ত ক’ভিডৰ আতংক! বাতিল প্ৰশাসনীয় কাম-কাজ

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যত এতিয়া ক’ভিড ১৯ য়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত এতিয়া দৈনিক সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে মৃত্যুৰ হাৰ৷ ক’ভিডে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত গুৰুত্বৰ ৰূপ ধাৰণ কৰিছে, যাৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ নিৰাপত্তা এক প্ৰকাৰৰ নোহোৱাৰ দৰে হৈ পৰিছে৷ বিশেষকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰাৱাসসমূহত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ৷ গুৱাহাটী, ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পাছত শেহতীয়াকৈ কটন বিশ্ববিদ্যালয়ত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷

আজি কটন বিশ্ব বিদ্যালয়ৰ কেৱল এটা বিভাগৰ পৰাই প্ৰায় ৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড ১৯ ভাইৰাছৰ উপস্থিতি৷ তদুপৰি কটন বিশ্ব বিদ্যালয়ৰ আন বহুতো ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড ১৯৷ যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল৷ কটন বিশ্ববিদ্যালয়ত এতিয়া ভয়াৱহভাৱে ক’ভিড ১৯ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিশ্ববিদ্যালয়ৰ কতৃপক্ষই দুদিনীয়াকৈ অৰ্থাৎ ১২ আৰু ১৩ জানুৱাৰীত শিক্ষানুষ্ঠানখনৰ প্ৰশাসনীয় কাম-কাজ সম্পূৰ্ণকৈ বন্ধ কৰি দিছে৷

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ও বিশ্ববিদ্যালয়খনত আগ্ৰাসী ৰূপ ধাৰণ কৰা ক’ভিড সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে৷ মাঘ বিহু পাছত শিক্ষানুষ্ঠানখন পুনৰ খোলাক লৈও এতিয়া শংকিত হৈ পৰিছে ছাত্ৰ একতা সভা৷ উল্লেখ্য যে, বিহুৰ পাছৰ পৰা ছাত্ৰ একতা সভাৰ সদস্যসকলে নিজাববীয়াকৈ গ্ৰহণ কৰিব কেতবোৰ পদক্ষেপ৷ ছাত্ৰ একতা সভাৰ সভাপতিয়ে আমাক জনোৱা অনুসৰি বিহুৰ পাছতে সমগ্ৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীকে ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হ’ব লগতে বিশ্ব বিদ্যালয়ৰ চৌহদত সকলো ক’ভিড বিধি পালন কৰাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular