আমবাৰীত অসম জাতীয় পৰিষদৰ নতুন কাৰ্য্যালয় মুকলি

গুৱাহাটী : আজিৰেপৰা মুকলি হ’ল অসম জাতীয় পৰিষদৰ নতুন কাৰ্য্যালয়৷ আমবাৰীৰ লেম্ব ৰোডত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এজেপিৰ নতুন কাৰ্যালয়টো৷ কাৰ্যালয়টো মুকলি অনুষ্ঠানত যোগদান কৰে LDP ৰ ৭২ গৰাকীকৈ সদস্যই৷ LDP ৰ ৰাজ্যিক সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম বেজৰুৱাৰ লগতে দলটোৰ অসমৰ বিভিন্ন প্ৰান্তৰ নেতা কৰ্মীয়ে যোগদান কৰে অসম জাতীয় পৰিষদত৷

আৰু পঢ়িব পাৰিব: প্ৰশ্নকাকত ফাদিল, বাতিল আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষা

ইতিমধ্যে অসম জাতীয় পৰিষদৰ সংবিধান প্ৰস্তুত কৰি থকা হৈছে বুলি জানিব পৰা গৈছে৷ সংবিধানখনত অসমৰ উন্নয়নমূলক সকলো দিশে প্ৰাধান্য পাব বুলি দলীয় সদস্য়সকলৰ দাবী ৷ আনহাতে অহা নৱেম্বৰ মাহত দলটো পূৰ্ণাংগ হ’ব, তাৰ পাছতহে মিত্ৰতাৰ কথা ভাবিব দলটোৱে। অসম জাতীয় পৰিষদ গঠন হোৱাৰ পাছৰেপৰা বিজেপি চৰকাৰে বেলেগ দলৰ নাম ল’বলৈ পাহৰি গৈছে বুলিও কটাক্ষ এজেপিৰ।

আৰু পঢ়িব পাৰিব: অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অভিনেত্ৰীৰ

আনহাতে দলটোৰ সমন্বয়ক জগদ্বীশ ভূঞাই কয় যে হিমন্ত বিশ্বৰ কথাৰ উত্তৰ দিব লাগে বুলি তেওঁলোকে নাভাবে৷ লগতে ‘অসম আৰক্ষীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰাক লৈ চৰকাৰক হেতালি নেখেলিবলৈ আহ্বান জনায় তেওঁ৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES