কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হ’ব নতুন ৰাজনৈতিক দল

গুৱাহাটী :কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হ’ব নতুন ৰাজনৈতিক দল৷ অসমৰ জনগণ তথা ৭০ সংগঠনৰে গঠন হ’ব এই ৰাজনৈতিক দল ৷ সমাগত বিধানসভা নিৰ্বাচন৷ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক ৰুধিবলৈ উঠি-পৰি লাগিছে অসমৰ জাতীয় সংগঠনসমুহ৷ সেয়েহে এটাৰ পাছত এটা ৰাজনৈতিক দলৰ জন্ম হৈছে ৰাজ্যখনত৷ কিন্তু তাৰ মাজতো যেন সকলো অংকতে জংকপংক লাগিছে ৷

আৰু পঢ়িব পাৰিব: চোৰাং কাঠৰ অবৈধ বেহা : সৰৱ বন বিভাগ

ইতিমধ্যে আছু আৰু এ জে ৱাই চি পিয়ে জন্ম দিলে অসম জাতীয় পৰিষদ নামৰ নতুন ৰাজনৈতিক দলৰ ৷ সকলো দল-সংগঠন একত্ৰিত হৈ এটা উমৈহতীয়া আঞ্চলিক দল গঠনৰ পোষকতা কৰি আহিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কিন্তু কৃষক মুক্তিৰ সেই আহ্বানক নস্যাত কৰি আছু আৰু এ জে ৱাই চি পিয়ে গঠন কৰিলে নতুন আঞ্চলিক দল ৷ সেয়ে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খুলিব আন এটা ৰাজনৈতিক দল ৷

আৰু পঢ়িব পাৰিব: ছোদিত পথৰ ভিক্ষাৰী হ’ল শ শ ভাৰতীয়, এতিয়া বন্দী ডিটেনচন কেম্পত

আছু আৰু এ জে ৱাই চি পিক ২০ ছেপ্টেম্বৰলৈ সময়সীমা বান্ধি দিলে কৃষক মুক্তিয়ে ৷ যদিহে ২০ ছেপ্টেম্বৰৰ ভিতৰত সকলো আঞ্চলিক শক্তি একত্ৰিত নহয়, তেনেহ’লে নতুনকৈ আন এটা ৰাজনৈতিক দল খুলিব বুলি জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES