spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeব্ৰেকিং নিউজগৰ্ভপাত আইনৰ সংশোধনী, কিদৰে উপকৃত হ’ব এইসকল বিশেষ মহিলা?

গৰ্ভপাত আইনৰ সংশোধনী, কিদৰে উপকৃত হ’ব এইসকল বিশেষ মহিলা?

নতুন দিল্লীঃ গৰ্ভপাতৰ সময়সীমা বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। শাৰীৰিক বা মানসিকভাৱে অক্ষম প্ৰসূতিকে ধৰি কিছুমান ক্ষেত্ৰত অন্তঃসত্ত্বা হোৱাৰ ২৪ সপ্তাহৰ ভিতৰত গৰ্ভপাতৰ অনুমতি দিয়া হ’ব। আগতে বিশেষ ক্ষেত্ৰত চিকিৎসকৰ অনুমতি সাপেক্ষে ২০ সপ্তাহৰ ভিতৰত গৰ্ভপাতৰ অনুমতি দিয়া হৈছিল। এতিয়া ইয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

গৰ্ভপাত আইন (সংশোধনী)২০২১ অনুসৰি, ধৰ্ষিতা, নাবালিকা, শাৰীৰিক বা মানসিকভাৱে প্ৰতিবন্ধী, অন্তঃসত্ত্বাৰ সময়ত স্বামীৰ মৃত্যু বা বিবাহ বিচ্ছেদ হোৱা প্ৰসূতিৰ গৰ্ভপাত কৰাতো এতিয়াৰ পৰা সম্ভৱ। গৰ্ভস্থ ভ্ৰূণৰ বিশেষ ত্ৰুটি থাকিলেও গৰ্ভপাত কৰিব পৰা যাব। আনুষ্ঠানিকভাৱে ঘোষণা কৰা দুৰ্যোগ বা জৰুৰীকালীন পৰিস্থিতিত এনে ব্যৱস্থা হাতত লোৱা যাব বুলি সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰসূতিৰ শাৰীৰিক অৱস্থা নিৰীক্ষণ কৰাৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই চূড়ান্ত অনুমতি প্ৰদান কৰাৰ লগতে কৰ্তৃপক্ষৰ অনুমতি অনুমতি অবিহনে গৰ্ভপাত কৰাটো আইনবিৰোধী বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে, গৰ্ভপাত আইন (সংশোধনী) ২০২১ মাৰ্চ মাহতে সংসদৰ দ্বাৰা গৃহীত হৈছিল। এই সংশোধনী আইনৰ ভিত্তিত ইয়াৰ সময়সীমা ২৪ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। আগতে, গৰ্ভপাতৰ বাবে ১২ৰ পৰা ২০ সপ্তাহৰ ভিতৰত চিকিৎসা কৰ্তৃপক্ষই অনুমতি দিছিল। নতুন আইন অনুসৰি, এগৰাকী মহিলাই গৰ্ভপাতৰ বাবে আবেদন কৰাৰ পাছত পৰীক্ষা কৰা হ’ব। ৰাজ্যিক পৰ্যায়ৰ চিকিৎসা পৰিষদৰ দ্বাৰা তেওঁৰ চিকিৎসা প্ৰতিবেদন নিৰীক্ষণ কৰা হ’ব। সকলো দিশ চালি-জাৰি চোৱাৰ পাছত গৰ্ভপাতৰ বিষয়ে সিদ্ধান্ত লোৱা ল’ব চিকিৎসালয় কৰ্তৃপক্ষই। নতুন আইন অনুসৰি, সমগ্ৰ প্ৰক্ৰিয়াটো আবেদনৰ ৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular