spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকঘোষণা নতুন এছঅ'পি : কি কি আছে নতুন নিয়ম

ঘোষণা নতুন এছঅ’পি : কি কি আছে নতুন নিয়ম

ডিজিটেল ডেস্ক : দেশৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে ক’ভিড, অ’মিক্ৰনৰ সংক্ৰমণ৷ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক’ভিড পৰিস্থিতিলৈ লক্ষ্য কৰি ঘোষণা কৰে নতুন ক’ভিড নিৰ্দেশনা৷ এই এছঅ’পিত আছে :

নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্যআইনৰ সময়,

মাস্ক বাধ্যতামূলক, নিপিন্ধিলে জৰিমনা৷

ভেকচিন ল’লেহে ৰাজহুৱা স্থানত থাকিব পাৰিব

দুয়োপালি প্ৰতিষেধক লোৱা লোকেহে ছবিগৃহ, শ্বপিং মল, দোকানত প্ৰৱেশ কৰিব পাৰিব

৩০ জানুৱাৰীলৈকে ৰাজ্যৰ পঞ্চম শ্ৰেণীলৈকে শিক্ষানুষ্ঠান বন্ধ, কামৰূপ মহানগৰত অষ্টম শ্ৰেণীলৈ বন্ধ থাকিব

নৱম, দশম, একাদশ সপ্তাহত ৩ দিন ক্লাছ হ’ব। দ্বাদশ শ্ৰেণী সম্পূৰ্ণৰূপে চলি থাকিব।


ৰেস্তোৰাঁ-ধাবাত ৫০ শতাংশ গ্ৰাহকৰহে অনুমতি


নিশা ১০ বজালৈ খাদ্য-সামগ্ৰী অনলাইন অৰ্ডাৰৰ অনুমতি


সকলো চৰকাৰী কৰ্মচাৰীৰ টিকাকৰণ বাধ্যতামূলক

বিয়া-সবাহত দুশতকৈ অধিক সমাগম হ’ব নোৱাৰিব

ধৰ্মীয় অনুষ্ঠানত এঘণ্টাত ৬০ জন লোকৰ সমাগমতহে অনুমতি


ধৰ্মীয় স্থানলৈ যোৱা প্ৰতিজনে হ’ব লাগিব ভেকচিনধাৰী


ইতিহাসপ্ৰসিদ্ধ ক্ষেত্ৰত ভ্ৰমণত প্ৰতিঘণ্টাত ৪০ জনৰহে অনুমতি

কোনেও নিশা ভেলাঘৰত থাকিব নোৱাৰিব

নিশা ১০ বজাত ভোজ-ভাত খাই শুই পুৱা ৬ বজাত মেজি জ্বলাব লাগিব

উৰুকাৰ মাছৰ বজাৰত ভিৰ হ’ব নোৱাৰিব

আন্তঃজিলা যাতায়াত খোলা থাকিব

বাছত বহিহে যাত্ৰীয়ে যাত্ৰা কৰিব লাগিব, নিশা যাত্ৰীবাহী গাড়ী চলিব
অটোত একেলগে ৩জন লোকে যাত্ৰা কৰিব পাৰিব

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular