Google search engine
30 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeক্ৰীড়াবাথৰূমত কিয় আত্মগোপন কৰিছিল কাইল জেমিছনে?

বাথৰূমত কিয় আত্মগোপন কৰিছিল কাইল জেমিছনে?

নতুন দিল্লীঃ ছাউদাম্পটনৰ খেলপথাৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলত ভাৰতক পৰাভূত কৰি নিউজিলেণ্ডে শেষ হাঁহি মাৰিলে। খেল সামৰণি পৰাৰ পাছত খেলুৱৈসকলৰ বহু গোপন তথা মুখৰোচক কিছু কথা পোহৰলৈ আহিছে। শেহতীয়াকৈ চৰ্চাৰ শীৰ্ষত নিউজিলেণ্ডৰ বেগী বলাৰ কাইল জেমিছন। ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শনৰ বাবে উদ্বিগ্ন হৈ পৰিছিল জেমিছন। চিন্তাৰ পৰা সকাহ পাবৰ বাবে বাথৰূমত আত্মগোপন কৰিছিল জেমিছনে। বিশ্বৰ অন্যতম বেগী বলাৰজনে কিয় বাথৰূমত আত্মগোপন কৰিছিল তাকে লৈ চৰ্চা অব্যাহত থাকোতে ইয়াৰ কাৰণ বাখ্যা কৰিছে জেনিছনে।


বৈদ্যুতিন মাধ্যমৰ এটা অনুষ্ঠানত জেমিছনে কয়, ‘সেই সময়খিনি মোৰ ক্ৰিকেট জীৱন আটাইতকৈ কঠিন সময় আছিল। আমি ড্ৰেছিং ৰূমত সকলোৱে মিলি টিভিত খেল চাইছিলো। টিভিত খেলৰ সম্প্ৰচাৰ কেইছেকেণ্ডমান পলমকৈ হয়। প্ৰত্যেকটো বলতে বৰকৈ চিঞৰিছিল ভাৰতীয় সমৰ্থকসকলে।

আৰু এই চিঞৰে শুনাৰ পাছত মনত শংকা হৈছিল, কি ঠিক উইকেটে গ’ল যেনিবা! কিন্তু পৰৱৰ্তী মুহূৰ্তত টিভিত দেখিছিলো আমাৰ বেটেছমেনে হয়তো ব্লক কৰিছে অথবা ছিংগল লৈছে। খেল উপভোগ কৰাটো মোৰ বাবে যথেষ্ট কঠিন হৈ পৰিছিল। খুব নাৰ্ভাছ হৈ পৰিছিলো। ক্ৰীড়াপ্ৰেমীৰ হৰ্ষোল্লাস, চিঞৰৰ প্ৰতিধ্বনিৰ পৰা পৰিত্ৰাণৰ বাবে বাথৰূমত আত্মগোপন কৰিছিলো। কিন্তু অন্তিম মুহূৰ্তত কেন উইলিয়ামচন আৰু ৰছ টেইলৰে যিদৰে দলক জয়ৰ সোৱাদ দিলে, তেতিয়া মই খুব আনন্দিত হৈছিলো। এইখন খেল আমাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Sat
29 °
Sun
28 °
Mon
31 °
Tue
30 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular