spot_img
28 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeক্ৰীড়াব্ৰিটিছ সুন্দৰীৰ প্ৰেমত নেইমাৰ! কোন এই সুন্দৰী?

ব্ৰিটিছ সুন্দৰীৰ প্ৰেমত নেইমাৰ! কোন এই সুন্দৰী?

পেৰিছঃ ‘You never know,when it stricks;প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়…’- উক্ত বাক্যশাৰীকে যেন অনুসৰণ কৰিলে তাৰকা ফুটবলাৰ নেইমাৰে। নেইমাৰৰ মন মোহিছে এগৰাকী ব্ৰিটিছ সুন্দৰীয়ে। সামাজিক মাধ্যমৰ এগৰাকী ব্ৰিটিছ মডেলাৰৰ প্ৰেমত পৰিছে নেইমাৰ! শেহতীয়াকৈ, ব্ৰিটিছ টেব’লইডে এই বাতৰি পোহৰলৈ আনিছে। উল্লেখ্য যে, নেইমাৰে প্ৰেমত পৰা যুৱতীগৰাকীৰ নাম ব্ৰুনা বিয়াংকাৰ্ডী। জানিবলৈ পোৱা মতে, ব্ৰুনাক ইবটাজাত নেইমাৰৰ সৈতে সময় অতিবাহিত কৰাও পৰিলক্ষিত হৈছিল।


শেহতীয়াকৈ নেইমাৰে তেওঁৰ ইনষ্টাগ্ৰামত এখন আলোকচিত্ৰ পোষ্ট কৰিছিল। আলোকচিত্ৰখনত তেওঁৰ সৈতে আছিল ডি মাৰিয়া, লিঅ’নেল মেছী, মাৰ্কো ভেৰাট্টী আৰু লিঅ’নাৰ্ডো পাৰ্ডেছ। বিশেষ সূত্ৰৰ মতে, ইয়াতেই নেইমাৰে সতীৰ্থৰ সৈতে ব্ৰুনাক পৰিচয় কৰাই দিছিল। মেছী পত্নী এণ্টোনিঅ’ ৰক্কুজ্জো সেইসময়ত উপস্থিত আছিল। অৱশ্যে, এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে নেইমাৰ। সামাজিক মাধ্যমত নেইমাৰ-ব্ৰুনা আখ্যানে ব্যাপক চৰ্চা লাভ কৰাও দেখা গৈছে। ব্ৰি‌টিছ কন্যাৰ প্ৰেমত শৰবিদ্ধ নেইমাৰে মৌনব্ৰত ভঙালৈ অধীৰ অপেক্ষাৰে বাট চাইছে ক্ৰীড়ানুৰাগীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
83 %
0kmh
75 %
Mon
34 °
Tue
32 °
Wed
30 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular