spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeব্ৰেকিং নিউজশ্বাহৰূখৰ দুঃসময়! ছবিৰ পোষ্টাৰ মুকলিৰ দিন পিছুৱালে কোন বন্ধু প্ৰযোজকে?

শ্বাহৰূখৰ দুঃসময়! ছবিৰ পোষ্টাৰ মুকলিৰ দিন পিছুৱালে কোন বন্ধু প্ৰযোজকে?

নতুন দিল্লীঃ শ্বাহৰূখৰ দুঃসময়… কোনে কয়, বলীউড ইণ্ডাষ্ট্ৰীট কোনো কাৰো বন্ধু নহয়? সকলোৱে কেৱল নিজৰ লাভ-লোকচানকে প্ৰাধান্য দিয়ে? প্ৰযোজক-অভিনেতা নিখিল দ্বিবেদীয়ে বলীউড সম্পৰ্কে থকা এই পৰম্পৰাগত ধাৰণা শেহতীয়াকৈ ভংগ কৰিছে। বন্ধুৰ প্ৰতি থকা অপাৰ আনুগত্যৰ বহিঃপ্ৰকাশ দেখা পাই নিখিলৰ প্ৰশংসাত গদ গদ হৈ পৰিছে অনুৰাগী। বিষয়টোৱে দৃষ্টিআকৰ্ষণ কৰিছে সহস্ৰজনৰ।

পৰম বন্ধু শ্বাহৰূখৰ শেহতীয়া পৰিস্থিতিৰ বাবে নতুন ছবিৰ পোষ্টাৰ মুকলিৰ পৰা বিৰত থাকিল নিখল দ্বিবেদী। উল্লেখ্য যে, অনুৰাগ কাশ্যপ আৰু নিখিল দ্বিবেদীৰ প্ৰযোজনাৰে মুক্তি পাব নতুন ছবিখন। মুখ্য চৰিত্ৰত অভিনয় কৰিব কৃতি চেননে। কুইণ্টিন টাৰেণ্টিনোৰ পৰিচালিত, ঊমা থাৰ্মান অভিনীত হলীউড ছবি ‘কিল বিল’ৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

জানিবলৈ পোৱা মতে, খান পৰিয়ালৰ এই সংকটৰ সময়ত নিখিল দ্বিবেদীয়ে নতুন ছবিখনৰ পোষ্টাৰ উন্মোচন নকৰে। ড্ৰাগছৰ গোচৰত অভিযুক্ত আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছৰেপৰা দুঃচিন্তাৰ ছাঁ পৰিছে শ্বাহৰূখৰ গাটো। ইফালে, আৰিয়ানৰ জামিনৰ আবেদনো একাধিকবাৰ খাৰিজ কৰা হৈছে। কাৰাগাৰৰ বন্ধ কোঠাত দিন কটাইছে শ্বাহৰূখ তনয় আৰিয়ানে। বন্ধুৰ এনে কঠিন সময়ত ব্যক্তিগত লাভ-লোকচানৰ কথালৈ কাণসৰালি দিছে নিখিলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular