spot_img
31 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকআন এজন ‘হিৰো’ : ডুবন্ত নাৱৰ পৰা পাপলুৱে কিদৰে ৰক্ষা কৰিছিল দুৰ্গতক?

আন এজন ‘হিৰো’ : ডুবন্ত নাৱৰ পৰা পাপলুৱে কিদৰে ৰক্ষা কৰিছিল দুৰ্গতক?

ডিজিটেলে ডেস্ক : মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ আতংক আৰু উত্তেজনা আজিও মাৰ যোৱা নাই। এক গভীৰ মানৱীয় সংকটৰ সৃষ্টি কৰা এই ঘটনাৰ দুঃসহ স্মৃতিয়ে এতিয়াও শিহৰিত কৰি ৰাখিছে সকলোকে। এই ঘটনাই মানুহৰ সাহস, উদাৰতা আৰু মহানুভৱতাৰ ভালেমান গুৰুত্বপূৰ্ণ দিশো পোহৰলৈ আনিবলৈ সক্ষম হৈছে। যেন দুৰ্যোগৰ অটল অন্ধকাৰৰ মাজত এক আশাৰ জ্যোতি হৈ আহিছিল তেওঁলোক। এনে একাধিকজনৰ তৎপৰতাই ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰাণ বচাইছিল বহুজনৰ। তেনে এজন ৰিয়েল হিৰোৰ কাহিনী তুলি ধৰিছে অলকানন্দ কাকতি-এ।…

৮ ছেপ্টেম্বৰত নিমাতীঘাটৰ ভয়ানক, কৰুণ, হৃদয়বিদাৰক নাও দুৰ্ঘটনাৰ সময়ৰ এটা দৃশ্যই দুখ আৰু বিভীষিকাৰ মাজতো বহুতৰ হৃদয় ভৰাই তুলিছিল৷ নীলা শ্বাৰ্ট পৰিহিত এজন ডেকা ল’ৰাই মাজুলীৰ পৰা অহা ফেৰীখনৰ টিঙত উঠি দুৰ্ঘটনাগ্ৰস্ত “মা কমলা” নামৰ নাওখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰু বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল, সেই দৃশ্য আমি সকলোৱেই দুৰ্ঘটনাৰ বাতৰিৰ ভিডিঅ’ত দেখিছোঁ৷ তেৱোঁ সেইদিনা নিমাতীৰ পৰা কমলাবাৰীলৈ যোৱা নাওখনৰ যাত্ৰী আছিল৷ নিমাতীঘাটৰ পৰা যোৱা নাওখনে তীব্ৰ বেগত কমলাবাৰী ঘাটৰ পৰা আহি থকা দুটা ইঞ্জিনযুক্ত (IWT) ফেৰীখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল। লগে লগেই অৱৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছিল । সেইসময়তে পাপলু টাইড (আঁকি টাইদ) নামৰ মাজুলীৰ চেলেক গাঁৱৰ লৰা এজন দেৱদূতৰ দৰে আনখন ফেৰীৰ টিঙত উঠি বহুজনক বচাইছিল। নীলা চোলা পিন্ধা ল’ৰাজনে ৰচী আগবঢ়াই দি, হাতেৰে নিজৰ মাকৰ লগতে আন বিপদগ্ৰস্ত বহু লোকক উদ্ধাৰ কৰিছিল। ল’ৰাজনৰ সেইদিনাৰ সেই বিশেষ ভিডিঅ’টোৱে বহুতকে আকৰ্ষিত কৰিছিল যদিও, সেই পাপলু নামৰ ল’ৰাজনৰ বিষয়ে এতিয়ালৈকে ক’তো একো বাতৰি পোৱা নাই৷ সেইদিনা তেওঁ আছিল ৰিয়েল হিৰো ৷
পাপলুৰ বিষয়ে মই জানিবলৈ পালো, মোৰ ফেচবুকৰ বন্ধু অজিত কাকতিৰ পৰা৷ কাকতি চৰকাৰী চাকৰিয়াল৷ তেওঁ নিজৰ কামত সেইদিনা গুৱাহাটীলৈ বুলি মাজুলীৰ পৰা ওলাই আহিছিল, ট্ৰিপৰাই নামৰ ফেৰীখনেৰে৷ কাকতিয়ে পাপলুৰ বীৰত্বক সন্মুখৰ পৰা সেইদিনা দেখিছিল৷ তেওঁ নিজেও নিজৰ ফেৰীখনৰ পৰা তিনিটা লাইফজেকেট সংগ্ৰহ কৰি দুবন্ত “মা কমলা” নামৰ ফেৰীখনলৈ দলিয়াইছিল৷ কাকতিয়েও হয়তো সেইদিনা তিনিজন ব্যক্তিৰ জীৱন বচাইছিল ৷ ফেচবুকৰ বন্ধু অজিত কাকতিলৈকো মোৰ সশ্ৰদ্ধ প্ৰণাম৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31 °
31 °
66 %
0kmh
75 %
Wed
30 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular