spot_img
18 C
Guwahati
18 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকউৰুকাৰ নিশা দূৰ্ঘটনাশূন্য হৈ ৰ'ল মহানগৰী; সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু ৪৮ টা...

উৰুকাৰ নিশা দূৰ্ঘটনাশূন্য হৈ ৰ’ল মহানগৰী; সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু ৪৮ টা গোচৰ

ডিজিটেল ডেস্কঃ কালি উলহ-মালহেৰে ৰাজ্যবাসীয়ে পালন কৰিলে উৰুকা। উৰুকাৰ নিশা আনন্দ উপভোগৰ নামত একাংশ লোক মত্ত হৈ পৰে আৰু ফলত ভিন্ন অঘটনো সংঘটিত হয়। উৰুকাৰ নিশা মহানগৰীত পূৰ্বে দুৰ্ঘটনাও সংঘটিত হয় কিন্তু এইবাৰ এটাও দুৰ্ঘটনা সংঘটিত নহ’ল। ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহন বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান।

মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হ’ল ৪৮ টা গোচৰ। আনহাতে মহানগৰীত সৰ্বমুঠ গোচৰ ৰুজু হ’ল ৫৯৬ টা। সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ’ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ। পৰিবহন বিভাগে বাতিল কৰিলে সুৰাপায়ী চালকৰ কেইবাখনো লাইচেন্স। এই খবৰ এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হ’ল মহানগৰবাসীৰ বাবে।

আৰু পঢ়কঃ সংবাদ মহলত শোকৰ ছাঁ! শাসকতন্ত্ৰৰ বুকু কঁপোৱা নিৰ্ভীক সাংবাদিক কামাল খানৰ হৃদৰোগত মৃত্যু

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular