spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeব্ৰেকিং নিউজবিকি-কেটৰিনাৰ হনীমুন ট্ৰিপ এক্সক্লুছিভ…! ক’ত, কেতিয়া, কেইদিনৰ বাবে কেলেণ্ডাৰ বুকিং কৰিলে কেটৰিনাই?

বিকি-কেটৰিনাৰ হনীমুন ট্ৰিপ এক্সক্লুছিভ…! ক’ত, কেতিয়া, কেইদিনৰ বাবে কেলেণ্ডাৰ বুকিং কৰিলে কেটৰিনাই?

নতুন দিল্লীঃ বলীউড এৰিনাত এতিয়া বিকি-কেটৰিনাৰ বিয়াৰ প্ৰসংগেই হৈ পৰিছে চৰ্চাৰ বিষয়,লগতে আহিছে হনীমুন বাৰ্তা! চল্লু মিঞাক একাষৰীয়া কৰি কেটৰিনাই আৰম্ভ কৰিবলৈ ওলাইছে নতুন জীৱন। চল্লু মিঞাৰ বিষাদ বেদনাৰ বিপৰীতে কেটৰিনাক কাষতে পাই উলাহে নধৰা হিয়া বিকি ভাইয়াৰ। এদিন আলহী হৈ অহা ল’ৰাটোৱে এইবাৰ লখিমী চপোৱাৰ চলাইছে যো-জা।কেটৰিনাও সাজু বিকিৰ পাণি গ্ৰহণৰ বাবে। বিয়াৰ দিন বাৰো ঠিক হৈছেই, কোন চকু চৰহাৰ চকু পৰে তাৰটো কোনো ঠিক নাই। গতিকে, সময় থাকোতেই সকলো থান-থিত লগোৱাৰ মন বিকি-কেটৰিনাৰ। বিয়াৰ সমান্তৰালকৈ শিৰোনাম দখল কৰিছে বিকি-কেটৰিনাৰ হনীমুনৰ বাতৰিয়ে। হনীমুন ঠিকনাৰ সন্ধানত ব্যস্ত হৈ পৰিছে অনুৰাগী। কিন্তু অনুৰাগীৰ কৌতুহলৰ অৱসান ঘটাই কেট সুন্দৰীয়ে ঘোষণা কৰিছে ক’ত হ’ব হনীমুন ট্ৰিপ?

বিয়াৰ পাছতে হনীমুন অৰ্থাত্‍ মধুচন্দ্রিকাৰ বাবে ক’লৈকেও নাযায় বিকি-কেটৰিনাই। হনীমুনৰ বাবে কামৰ পৰা বিৰতি নলয় তেওঁলোকে। তাৰকা দম্পতীয়ে বিয়াৰ পাছত হনীমুনৰ পৰিৱৰ্তে শ্বুটিঙৰ মজিয়ালৈহে উভতিব বুলি জানিব পৰা গৈছে। বিয়াৰ বাবে কেটৰিনাই আৰু অপেক্ষা কৰিব নোৱাৰা হৈ পৰিছে। নিমন্ত্ৰণ প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈ উঠা নাই। ইফালে কেটৰিনাৰ হাতত ‘টাইগাৰ-৩’ আৰু শ্ৰীৰাম ৰাঘৱনৰ ছবি দুখনৰ কাম সমাগত। ‘টাইগাৰ-৩’ ছবিত কেটৰিনাক ছলমান খানৰ নায়িকা হিচাপে দেখিবলৈ পোৱা যাব আনহাতে, শ্ৰীৰাম ৰাঘৱনৰ ছবিত কেট সুন্দৰীক দাক্ষিণাত্যৰ তাৰকা বিজয় সেতুপতিৰ সৈতে আত্মপ্ৰকাশ কৰিব। ডিচেম্বৰত বিয়াৰ কাৰ্য সমাপন হোৱাৰ পাছতে দুয়োখন ছবিৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিব বুলিও প্ৰকাশ পাইছে। ফলস্বৰূপে, হনীমুন বাতিল কৰিবলগীয়া হয় কেটৰিনাই। অৱশ্যে, ছবিৰ দৃশ্যগ্ৰহণৰ পাছত এই আধৰুৱা স্বপ্নপূৰণৰ বাবে কেটৰিনাই ল’ব পাৰে বিকল্প পথ…!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular