spot_img
24.9 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeক্ৰীড়ামেছীক লৈ টনা-আঁজোৰা, ৰ’নাল্ডৰ প্ৰতি আগ্ৰহ নাই

মেছীক লৈ টনা-আঁজোৰা, ৰ’নাল্ডৰ প্ৰতি আগ্ৰহ নাই

পেৰিছঃ বিগত কিছুদিনৰ পৰা সমগ্ৰ বিশ্বতে লিঅ’নেল মেছীৰ দলত্যাগৰ প্ৰসংগই শিৰোনাম দখল কৰি আছে। মেছীৰ অন্তৰ্ভুক্তিৰ পাছতে একাংশ খেলুৱৈৰ জীৱনলৈ অমানিশা নামি অহাৰ সম্ভাৱনাই প্ৰবল ৰূপত দেখা দিছিল। এইবাৰ ফুটবল তাৰকা ক্ৰিষ্টিয়ান ৰ’নাল্ডৰ জীনৱলৈ নামি আহিছে উদ্বেগজনক খবৰ। ফুটবল ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক অন্তৰ্ভুক্ত কৰিব নিবিচাৰে বিশ্বৰ আগশাৰীৰ একাংশ দলে।

শেহতীয়াকৈ ৰিয়েল মাদ্ৰিদ আৰু পিএছজিয়ে ৰোনাল্ডোক দলত অন্তৰ্ভুক্ত কৰাক লৈ বাতৰি প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত বাতৰিটো ভুৱা বুলি প্ৰকাশ পাইছিল! ৰ’নাল্ডোক দলত অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী নহয় ৰিয়েল মাদ্ৰিদৰ প্ৰশিক্ষক কাৰ্লো আঞ্চেলোটি। ৰ’নাল্ডৰ পৰিৱৰ্তে পিএছজিৰ পৰা কিলিয়ান এমবাপেক বিচাৰিছে প্ৰশিক্ষকগৰাকীয়ে। অৱশ্যে পিএছজি-এ এমবাপেক ধৰি ৰাখিবলৈ চেষ্টা কৰি আছে। মেছী অহাৰ পাছত পিএছজিয়ে ৩৬ বছৰীয়া ৰ’নাল্ডোৰ বিনিয়োগ কৰিবলৈ আগ্ৰহী নহয়।

এমবাপে এৰি গ’লেও পিএছজিয়ে ৰ’নাল্ডোক অন্তৰ্ভুক্ত নকৰাৰে স্পষ্ট ইংগিত দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, ৰ’নাল্ডোৱে এই বিষয়ে গম পোৱাৰ পাছত মানচেষ্টাৰ চিটীত খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু মানচেষ্টাৰ চিটীয়েও বিমুখ কৰিছে তাৰকা ফুটবলাৰগৰাকীক। গতিকে, যিকোনো পৰিস্থিতিৰ বাবে ৰ’নাল্ডোই জুভেণ্টাছত থকাতো প্ৰায় নিশ্চিত হৈ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
few clouds
24.9 ° C
24.9 °
24.9 °
95 %
1.4kmh
23 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular