spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeৰাষ্ট্ৰীয়কৃষকৰ তেজৰ ৰঙেই দেখা নাই চৰকাৰে, ক্ষতিপূৰণ দিয়াৰ প্ৰশ্ন ক'ত!

কৃষকৰ তেজৰ ৰঙেই দেখা নাই চৰকাৰে, ক্ষতিপূৰণ দিয়াৰ প্ৰশ্ন ক’ত!

ডিজিটেল ডেস্ক : কোনো কৃষক মৰা নাই! ১৭মহীয়া কৃষক বিদ্ৰোহৰ সময়ছোৱাত দেশৰ সাত শতাধিক কৃষকে প্ৰাণ আহুতি দিয়াৰ তথ্য পোহৰলৈ আহিছে যদিও কেন্দ্ৰীয় চৰাকৰে কৃষকৰ এই আত্মবলিদানক যেন অস্বীকাৰ কৰাৰ চেষ্টাহে কৰিছে! কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে তেওঁলোকৰ হাতত প্ৰতিবাদত কৃষকৰ মৃত্যু হোৱাৰ তথ্য নাই বুলি মন্তব্য কৰিছে আৰু এনে পৰিপ্ৰেক্ষিতত ক্ষতিপূৰণ দিয়াৰ প্ৰশ্নই নাহে বুলি মন্তব্য কৰিছে।


ভোক আৰু শোকৰ ৰাতি নাযায়-নুপুৱাই! আপোনাৰ ভোক নিবাৰণ কৰা কৃষকৰ নিদ্ৰাবিহীন শোকৰ ৰাতি… কৃষকৰ ভোটেৰে শাসনৰ গাদীত বহা চৰকাৰৰ কৃষককেই শোষণ-নিৰ্যাতন। নিজৰ তেজ পানী কৰি উৎপাদন কৰা শস্যৰ মূল্যৰ বাবে তেজ বোৱাবলগা হ’ল কৃষকে। প্ৰায় পোন্ধৰ মাহযোৰা প্ৰতিবাদ। প্ৰাণ গ’ল ৭০০তকৈো অধিক কৃষকৰ। প্ৰতিবাদী কৃষকৰ ওপৰত প্ৰয়োগ কৰা হ’ল ‘চৰকাৰী ক্ষমতা’। ৰাজনীতিৰ পাশা খেলত পাকৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত বাতিল কৰিলে বহু বিতৰ্কিত কৃষি আইন। তাতো ৰাজনীতি এৰা নাই মোদী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে। আন্দোলনত শ্বহীদ হোৱা ৭০০ৰো অধিক কৃষকৰ প্ৰাণাহুতিৰ ক্ষতিপূৰণ দিয়াৰ প্ৰশ্ন উত্থাপন হোৱাত আকৌ এবাৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দিলে বিজেপি চৰকাৰে।


সংসদৰ শীতকালীন অধিবেশনত প্ৰশ্ন উত্থাপন হ’ল, আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা কৃষকৰ হিচাপ চৰকাৰৰ হাতত আছেনে? আৰু শ্বহীদ কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে চৰকাৰে আৰ্থিক অনুদান আগবঢ়াবনে? কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ আছিল আশ্চৰ্যকৰ। সংসদৰ চলিত শীতকালীন অধিৱেশনত লোকসভাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে এক লিখিত উত্তৰত কয় যে, আন্দোলনৰ সময়ত নিহত হোৱা কৃষকৰ সংখ্যা আৰু সেই সন্দৰ্ভত দাখিল হোৱা কোনো তথ্য চৰকাৰৰ হাতত নাই। তেনেক্ষেত্ৰত কোনো আৰ্থিক অনুদান দিয়াৰ প্ৰশ্নই নাহে। লগতে মন্ত্ৰীগৰাকীয়ে সদনক কয় যে, কেন্দ্ৰীয় চৰকাৰে কৃষক নেতাসকলৰ লগত ১১ লানিকৈ কথাবতৰা পাতিছিল কিন্তু কোনো সুফল নোলাল।


আনহাতে, কৃষক আন্দোলনত ৭০০ৰো অধিক প্ৰতিবাদী কৃষক নিহত হোৱা বুলি কৃষক সংগঠনে দাবী কৰি আহিছে। উল্লেখ্য যে, ১১ দিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তিনিওখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰিছিল। কিন্তু কৃষি আইন বাতিল কৰি কৃষকৰ তেজৰ মূল্য নিদিয়া মোদী চৰকাৰৰ প্ৰকৃত উদ্দেশ্য কি তাক লৈ প্ৰশ্ন উঠিছে। এয়াও এক ৰাজনৈতিক অভিসন্ধি নেকি!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular