spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআন্তঃৰাষ্ট্ৰীয়২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা আমেৰিকাৰ তিনি গৰাকী অৰ্থনীতিবিদলৈ

২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা আমেৰিকাৰ তিনি গৰাকী অৰ্থনীতিবিদলৈ

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বিজয়ীৰ নাম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিজন অৰ্থনীতিবিদে লাভ কৰিলে অৰ্থনীতিৰ ২০২১ চনৰ নবেল বঁটা।

বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কানাডিয়ান বংশোদ্ভৱ ডেভিদ কাৰ্ড, মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ যচোৱা এংৰিষ্ট আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৫৮ বছৰীয়া ডাচ্চ বংশোদ্ভৱ গুইডো ইমবেন্সে ২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে।

উল্লেখ্য যে নোবেল বঁটাৰ আন শাখাবোৰৰ দৰে অৰ্থনীতিৰ নোবেল বঁটা আলফ্ৰেড নোবেলৰ ইচ্ছাপত্ৰ অনুসৰি প্ৰদান কৰা হোৱা নাছিল। ১৯৬৮ চনত চুইডিছ কেন্দ্ৰীয় বেংকে আলফ্ৰেড নবেলৰ স্মৃতিত এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰে। নূন্যতম মজুৰি, প্ৰব্ৰজন আৰু শিক্ষাৰ শ্ৰমিক বজাৰৰ প্ৰভাৱৰ ওপৰত কৰা গৱেষনাৰ বাবে তিনিওলৈ ২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular