আগশাৰীৰ শিক্ষানুষ্ঠানৰ উপাচাৰ্যৰ লজ্জাজনক কাণ্ড : অতিষ্ঠ বহু যুৱতী-মহিলা

গুৱাহাটী : আমিনগাঁৱত শিক্ষা তথা সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। আগশাৰীৰ শিক্ষানুষ্ঠান এখনৰ উপাচাৰ্যৰ এই লজ্জাজনক কাণ্ড। এটা ফেচবুক পোষ্টে উদঙাইছে শিক্ষানুষ্ঠানখনৰ উপাচাৰ্য ড° জে.এছ. পাটিলৰ কু-কৰ্মৰ কথা।
আৰু পঢ়িব পাৰিব: গোৱালপাৰাত নাৰীদেহৰ ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসীঃ এজাহাৰ দাখিল
ফেচবুক পোষ্টটোত অভিযোগ কৰামতে উপাচাৰ্য ড° জে.এছ. পাটিলে কোনো যুৱতী বা মহিলা দেখিলে নিজৰ গুপ্তাংগ দেখুৱায়। উচ্চশিক্ষিত আৰু সন্মানীয় বৃত্তিত থকা উপাচাৰ্যগৰাকীৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোত বাস কৰি থকা যুৱতী-মহিলাসকল। উপাচাৰ্যগৰাকীয়ে ভাড়াতীয়া হিচাপে থকা আমিনগাঁও নুমলীজলাহত সংঘটিত হৈছে এই ঘটনা।
ইতিমধ্যে নিজৰ গুপ্তাংগ দেখুওৱা উপাচাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ৩০টাকৈ স্বাক্ষৰ সম্বিলত এজাহাৰ দাখিল কৰিছে উত্তৰ গুৱাহাটী (গৌৰীপুৰ) আৰক্ষী চকীত। এই সংক্ৰান্তত উত্তৰ গুৱাহাটী (গৌৰীপুৰ) আৰক্ষী চকীত 388/20 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 354A/294/509 IPCত ৰুজু হৈছে গোচৰ।
আৰু পঢ়িব পাৰিব: ভাৰতত মৃতকৰ সংখ্যা প্ৰায় ৩০ হাজাৰলৈ বৃদ্ধি : আৰোগ্য হাৰো বৃদ্ধি
আনহাতে উপাচাৰ্যগৰাকীয়ে এই সমগ্ৰ ঘটনা মনেসজা আৰু ভিত্তিহীন বুলি কৈ নস্যাৎ কৰিছে এই অভিযোগ। ইফালে শিক্ষানুষ্ঠানখনৰ পঞ্জীয়কে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ফেচবুকৰ পোষ্টত উল্লেখ কৰা ঘটনাৰ সত্যতা বিচাৰি গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশক দাখিল কৰিছে আবেদন।