spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeৰাষ্ট্ৰীয়কেৱল যুদ্ধক্ষেত্ৰতে নহয় নৃত্য প্ৰদৰ্শনতো পাকৈত ভাৰতীয় সেনা...

কেৱল যুদ্ধক্ষেত্ৰতে নহয় নৃত্য প্ৰদৰ্শনতো পাকৈত ভাৰতীয় সেনা…

ডিজিটেল ডেস্কঃ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে কেৱল অবিশ্বাস্য যুঁজ দক্ষতাতে তেওঁলোকৰ বিৰত্ব প্ৰদৰ্শন নকৰে তেওঁলোকৰ নিৰ্দিষ্ট নৃত্যৰশৈলীৰ ক্ষেত্ৰতো আশ্চৰ্যকৰ পদক্ষেপ দাঙি ধৰিছে৷ শেহতীয়াকৈ ভাৰতীয় সেনা ৰ সৈনিকসকলে পৰিৱেশন কৰিছে ‘খুকুৰী নৃত্য ’। ভাৰতীয় সেনাৰ সৈন্যই উত্তৰ কাশ্মীৰৰ কুপৱাৰা

ভাৰতীয় সেনাৰ সৈন্যই উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ বৰফৰে আবৃত টাংধাৰ খণ্ডত ‘খুকুৰী নৃত্য‘ প্ৰদৰ্শন কৰিছে। সামাজিক মাধ্যমত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পাছত, ছ’চিয়েল মিডিয়াত লাখ লাখ লোকৰ দৰ্শন লাভ কৰিছে আৰু ব্যাপকভাৱে শ্বেয়াৰ কৰিছে। সামাজিক মাধ্যমত মানুহে হাড় শীত আৰু বৰফৰে আবৃত শৃংগৰ মাজত ‘খুকুৰী নৃত্য’ প্ৰদৰ্শন কৰাৰ বাবে সাহসী সৈনিকসকলক প্ৰশংসা কৰে। যি খুকুৰী হৈছে বিজয়ৰ প্ৰতীক আৰু খুকুৰী নৃত্য সাহসৰ প্ৰতীকো।

খুকৰী হৈছে ভাৰতীয় সেনাৰ ভিতৰত বিভিন্ন ৰেজিমেণ্ট আৰু গোটৰ দ্বাৰা ব্যৱহৃত চুৰিসদৃশ অস্ত্ৰ, যেনে অসম ৰাইফলছ, কুমাওঁ ৰেজিমেণ্ট, গড়ৱাল ৰাইফলছ আৰু বিভিন্ন গোৰ্খা ৰেজিমেণ্ট ব্যৱহাৰ কৰা চুৰিসদৃশ। ৰেজিমেণ্ট আৰু সেনা বেণ্ডৰ সৈন্যই বিভিন্ন আনুষ্ঠানিক অনুষ্ঠান আৰু পেৰেডত ‘খুকুৰী নৃত্য’ প্ৰদৰ্শন কৰে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular